পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
মহিলা-কীৰ্ত্তন।

ভয় হুয়া হৰি  শৰণে পশিলো
 ৰাথা ৰাখা নাৰায়ণ।
গোবৎস সবকে  যি ৰূপে ৰাখিলা
 হাতে ধৰি গোৱৰ্দ্ধন।
নাগ পত্নী তুতি কৰে হৰি মোৰ প্ৰাণ।
আঞ্চল পাতিয়া মাগো দিয়া জীৱ দান॥
নাগপত্নী প্ৰতি  সন্তোষ লভিলা
 তিনিও লোকৰ স্বামী।
ভয় নকৰিবা   নাগপত্নীগণ
 দিলো স্বামী দান আমি।
হোলোক৷ হোলোকে  ৰুধিৰ বহিল
 জগতৰে ভৰ পাই।
কালীৰ শিৰতে  পদচিহ্ন দিলা
 দিলা সাগৰত ঠাই॥




(ঙ) গুণ বৰ্ণন।

নন্দৰ ঘৰে যাদু তুমি আছিলাহা সৰু।
কোন সতে নন্দৰ আইয়ে ৰখাইছিলে গৰু
নন্দৰ দুলাল বাচা নন্দৰ দুলাল।
এক ৰাতি ধেনু ছাৰে কাৰে চৱাল॥