পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৭)
মহিলা কীৰ্ত্তন।

কদম্বে চড়িলে  মিচিকি হাঁহিলে
 গোপীৰ বস্ত্ৰখিনি লই।
খোজোতে নিদিলা  বামলৈ মাতিলা
 চাতুৰি কথাকে কই॥
বিবস্ত্ৰ গোপিনী  লাজতে আপুনি
 মৰিব খুজিছে পৰি।
তথাপি নিদিয়া  পালেহি আপদে
 খোজা কৰযোৰ কৰি॥
সন্ধ্যা সময়তে  গোৱালীৰ ঘৰে
 ভিতৰে পশিলা গই।
দধি চুৰি কৰি  খালা দেৱ হৰি
 সাক্ষাতে দেখিলে৷ মই॥
কোন ইটো বুলি  তোমাক সুধিলো
 বিগুতি মাতিলা মোক
ঘৰৰ ভিতৰে  যেয়েবা নহক
 কেলেই লাগিছে তোক

(ঝ) মথুৰা যাত্ৰা।

কৃষ্ণে বোলে অক্ৰুৰক শুনা মোৰ কথা।
ৰাতিতে চালাবা ৰথ নকৰিবা হেলা॥