পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)
মহিলা কীৰ্ত্তন।

হেন বেদৱানী  তত্ত্ব হেন জানি
 আসনতে সুখে থাকি।
আপোনাকো তাৰা  পুৰুষ উদ্ধাৰা
 হৰি হৰি বোলা ডাকি।।
কৃষ্ণৰ কিঙ্কৰে  ভনিল শঙ্কৰে
 শুনিয়োক সৰ্ব্বজন।
হেন জানি আন  আল জাল এড়ি
 কৰিয়ো হৰি কীৰ্ত্তন।।


(৪)


{ঘোষা) নামৰে ধৰ্ম্মৰে, কথা শুধি ললে, অৰ্জ্জুনে
 কৃষ্ণক পাই। তিনি সত্য খুৱাই, দঢ়াই
 সুধি হলে নামত বিনে ধৰ্ম্ম নাই।
(পদ) হৰিৰ কীৰ্ত্তনে  মহা পাতকক
 যিমতে কৰে নিৰ্য্যান।
আন প্ৰায়শ্চিত্তে  পৱিত্ৰ কৰিবে
 নোৱাৰে তাৰ সমান।।
হৰি নামে সব  পাতক দহয়
 জ্ঞানে বা অজ্ঞানে বোলে৷
যেন হুতাসনে  শুকান কাষ্ঠক
 অতি অপ্ৰয়াসে পোৰে।