পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)
মহিলা কীৰ্ত্তন।

স্তুতি

(১)

নমো নিত্যানন্দ,  জগত কাৰণ,
 বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ,  কাম অনিৰুদ্ধ,
 পুৰুষ শ্ৰভু অনন্ত।
ৰাম নিৰঞ্জন, দানৱ গঞ্জন,
 ভকত ৰঞ্জন দেৱ।
তুমিসি পৰম, গুৰু নাৰায়ণ,
 হয়া পাৰে কাৰো সেৱ।।

⸺⸺



(২)



মই দুৰাচাৰ, কেৱলে তোমাৰ,
 আপৰাধি নাৰায়ণ।
ক্ষমিয়োক হৰি, লৈয়ো দাস কৰি,
 পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী,  তষু পাৱে আমি,
 কেৱলে শৰণ চাওঁ৷
কৰা অনুগ্ৰহ,  মায়াৰ নিগ্ৰহ,
 তেবেসে প্ৰভু এৰাওঁ॥

⸺⸺