পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)
মহিলা কীৰ্ত্তন

এহি হেতুতেসে  ঈশ্বৰক হৰি
 বোলয় যত মহন্ত॥ ১
আত্মা ৰূপে জানা  ইটো জগতত
 আছম্ভ হুয়া প্ৰৱেশ।
এহি হেতুতেসে  ঈশ্বৰক বিষ্ণু
 বুলিয়া নাম বিশেষ॥ ২
ইন্দ্ৰিয় বৰ্গৰ  যি হেতু ঈশ্বৰ
 আছন্ত হুয়া প্ৰৱেশ ।
এতেকে মহন্ত  সকালে বোলয়
 ঈশ্বৰক ঋষীকেষ॥ ৩
অন্তৰ্য্য়ামি ৰূপে  যি হেতু জীৱক
 সুখ দুঃখ ভূঞ্জাৱন্ত ।
এতেকেসে পৰ-  মাত্মা নাম ধৰি
 আছন্ত প্ৰভৃ অনন্ত ।।৪
পৰম ঈশ্বৰ  স্বৰূপে জীৱৰ
 আছস্ত হুয়া আশ্ৰয় ।
এতেকেসে তাঙ্ক  বুলি নাৰায়ণ
 নামৰ দিবা অন্বয় ।৫
অহঙ্কাৰ আদি  একোৱে উপাধি
 কৰিতে নাপাৰে চন্ন ।
এহিসে কাৰণে  মহন্ত সকলে
 বোলে তাঙ্ক নিৰঞ্জন ।।৬