পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

ধাৰে উধাৰে নাপাই পাৰেবতী
 কন্দনা মুৱা হৈ থাকি॥
দুখৰে উপৰি দুখে পাৰেবতী
 দুখৰে উপৰি দুখ।
কুকুৰে কামোৰে ছৱালে দলিয়াই
 ক’তো নিমিলাই সুখ॥
ভাঙ খাই কি বুলি নিতৌ তিতি দুলি
 ছপুৰা ধতুৰা গুটি।
ভাঙৰ জালে ধৰি নলয় ঘৰে বাৰী
 থাকে বৰষুণত তিতি॥
কুবেৰৰ লৰা কান্দিব লাগিছে
 ভোকে চাউল চিৰ খাই।
কাৰ্ত্তিক গণপতি কান্দিব লাগিছে
 খুদকো পাবলৈ নাই॥
 কোলাত লৈ পাৰ্ব্বতী
 আছে দুখ মনে চাই।
ভীক্ষাৰ চাউলে পেটকে নভৰে
 মহাদেউ কৃষিলৈ যায়॥

⚊⚊⚊

(৪)

হৰ শিৱ শম্ভু গৌৰী সং।
ৰুদ্ৰং পশুপতি ঈশানং॥