পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)
মহিলা কীৰ্ত্তন

ইটো মোৰ ঘোৰ দোষ পৰিহৰি হৰি হৰি হৰি হৰি এ,
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥২
প্রিয়ত্তম আত্মা ঈশ্বৰ দেৱতা, হৰি হৰি হৰি হৰি হৰি এ,
কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ ।
কৃষ্ণৰ চৰণ পঙ্কজ বিনাই, হৰি হৰি হৰি হৰি এ,
মই অনাথৰ গতি নাহি নাহি আৰ ॥৩

(২)

নমো কৃষ্ণদেৱ  পাপী বুলি কেৱ,
 মোক মোৰ নোবোলয়।
পতিত পাৱন  জানিয়া তোমাত,
 আপুনি গৈলো বিক্রয় ॥
নমো হৰি পদ, পঙ্কজ যুগল
 বিমল সুখ সাগৰ ॥
অনাদি অনন্ত, সন্ত সদাশিৱ
 ভগৱন্ত ভয় হৱ ॥

কীৰ্ত্তন

(১)

(ঘোষা) বৈকুণ্ঠৰ পৰা গোসাঞী নামি আহি
 জলতে কৰিলে শয়ন ।
নাভি কমলত ব্রহ্মাক স্ৰজিলে
 স্ৰজিলে তিনি ভূবন ।