পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫০)
মহিলা কীৰ্ত্তন।

উদ্ধৱ বোলো মই বান্ধৱ বোলো মই
 বদৰিকাশ্ৰমে চলা।
প্ৰাণৰ গোবিন্দ চকুৰে নেদেখো
 মৰণ শঙ্কটৰ বেলা॥
ৰঙ্গা চৰণত গোছৰ আমাৰ
 জনাবা উদ্ধৱ প্ৰাণ।
প্ৰভুৰ চৰণত ভকতি ৰহোক
 নলাগয় আন দান॥


(ট) বিবিধ গুণ কীৰ্ত্তন।
(১)

অ' হৰি এ, পদ্ম পলাশ লোচন,
 অৰ্জ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ
 হে পদ্ম পলাশ লোচন।
অ' হৰি এ, ক্ৰিড়াত শঙ্কৰ,
 অৰ্জ্জুনৰ শৰ চোটে খজুৱালে খৰ,
 হে ক্ৰিড়াত শঙ্কৰ।
অ' হৰি এ, ৰাম ৰঘুপতি,
 গোসাঁই আগৰ শলিতাগছ নকৰিবা খতি,
 হে ৰাম ৰঘুপতি।