পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)
মহিলা কীৰ্ত্তন।

তুমি মোৰ অন্তৰ্য্যামী  তযু ভৃত্য ভৈলো আমি,
 জানি কৃপা কৰা হৃষীকেষ।
দান্তে তৃন তুলি লওঁ যিমতে সেৱাত ৰওঁ
 দিয়া মোক সেহি উপদেশ॥
তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
 তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
 দিয়া মোক সেৱা ৰস সাৰ॥


সামৰণি

(সুৰ লগাই সকলোৱে চাপৰি বজাই গাব)

শ্ৰীমন্ত শঙ্কৰ এ’ হে, হৰি ভকতৰ এ, হে,
 হৰি মোৰ বান্ধৱ জানা যেন কল্পতৰু।
তাহান্ত বিনাই এ, হে, নাহি নাহি নাহি এ, হে,
 হৰি মোৰ বান্ধৱ আমাৰ পৰম গুৰু।
 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু॥

—:•:—