পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৫)
মহিলা কীৰ্ত্তন।

অ হৰি এ, দয়াশীল দেৱ,
 তুৱা পদ কমলে সদায় কৰো সেৱ,
 হে দয়াশীল দেৱ॥
অ হৰি এ, কৰুণা সাগৰ,
 আমি দুখিতক নাছাৰিবা দামোদৰ,
 হে কৰুণা সাগৰ।
অ হৰি এ, কমল লোচন,
 তুৱা গুণ নাম ভৱ ভয় বিমোচন,
 হে কমল লোচন॥
অ হৰি এ, মধুৰিপু ৰাম,
 বন্দো পদ কমল যুগল ৰাম ৰাম,
 হে মধুৰিপু ৰাম।
অ হৰি এ, যাদৱ ৰায়,
 অৰুণ চৰণ তলে আমাক দিয়া ঠাই,
 হে যাদৱ ৰায়,
অ হৰি এ, বৈকুণ্ঠৰ পতি,
 পৰি পৰি সেৱা কৰে লক্ষ্মী সৰস্বতী,
 হে বৈকুণ্ঠৰ পতি।
অ হৰি এ, নিৰঞ্জন দেৱ,
 অগতিৰ গতি তুমি বিনে নাহি কেৱ,
 হে নিৰঞ্জন দেৱ।