পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)
মহিলা কীৰ্ত্তন।

তাৰ তেতিক্ষণে  ভস্ম হৈয়া যায়
 মহাপাপ কোটি শত॥
হৰি হেন ইটো   দুগুটি অক্ষৰ
 জিহ্বা অগ্ৰে থাকে যাৰ।
কাশী গঙ্গা গয়া প্ৰয়াগ পুস্কৰ
  যাইবাক নলাগে তাৰ॥
আন ধৰ্ম্ম এৰি  হৰি নাম স্মৰি
 সুখে পাৱে যেন গতি।
অনেক প্ৰবন্ধে  সমস্ত ধাম্মিকে
 নপাৱে তাক সম্প্ৰতি॥
হৰিৰ নামেসে  নামেসে নামেেসে
 জীৱন আৱে আমাৰ।
কলি যুগে আৰ  আন গতি নাই
 নাই জানা সাৰে-সাৰ॥



(৩)



(ঘোষা) উঠি নাম ললে,মহন্ত সকলে, বহি নাম
 ললে গোপী। বৈকুণ্ঠৰ পৰা গোসাঞী
নামি আছে, নামৰ মহিমা শুনি॥
(পদ) ইটো হৰি নামে লোকৰ যতেক
 পাতক নিৰ্য্যান কৰে।