পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)
মহিলা কীৰ্ত্তন।

পৰে বা পিছলে  সৰ্পে বা দংশয়
 জ্বৰ তাপে পীড়া কৰে।
এতেকতে যদি  হৰি নাম লৱে
 যম যাতনাত তৰে ।।
দেৱ ঋষি নৰ  সিদ্ধ বিদ্যাপৰ
 গন্ধৰ্ব্ব চাৰণ গণে।
হৰিৰ নামৰ  গোপ্য মহিমাক
 ভেবেসে কেহু নজানে।।
ব্ৰহ্মা মনু হৰ  কপিল কুমৰ
 শুক ভীষ্ম বলীৰায়।
প্ৰহলাদ নাৰদ  জনক আমিসে
 বাৰজন সমুদায়॥
পৰম গুপুত  হৰি নাম ধৰ্ম্ম
 জানি আছে শুদ্ধ ভাৱে।
যাক আছৰিলে  খাৱতে বসিয়া
 দুৰ্ল্লভ মোক্ষক পাৱে ॥
মহা যোগী জনো  ব্ৰহ্ম চিন্তে যদি
 হৰিৰ নাম নলৱে)।
সিটো ভ্ৰষ্ট হুয়া  সংসাৰত পৰে
 চাৰি বেদ হেন কৱে ॥
হৰিত ভকতি  কৰে সৰ্ব্বদায়
 কৰিয়া কীৰ্ত্তন কৰ্ম্ম।