সমললৈ যাওক

পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)
মহিলা কীৰ্ত্তন।


বৰিযে কণিকা মেঘ ওপৰত গর্জ্জে ।
ফণায়ে ধৰিলা ছত্ৰ হাসি সৰ্প ৰাজে ॥
যশোদাৰ তৈত উপজিল যোগমায়া ।
অতি অচেতনে নিদ্ৰা গৈল নন্দ জায়া॥
তাহান শয্যাত নিয়া থৈলন্ত তোমাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক ॥
শিশু ভাৱে গকুলত ক্ৰীড়িলা অপাৰ।
সাঁধিলা অনেক প্রীতি নন্দ যশোদাৰ॥
অচিন্তা মহিমা হৰি পুৰুষ প্রধান।
লীলা কৰি অনেক দৈত্য়ৰ লৈলা প্ৰাণ ॥
কংশৰ পাঞ্চনি পাই যত দৈত্য আসে।
তুমি অগণিত যেন পুৰি মৰে জাসে ॥
আসিলেক পুতনা মোহিনী নাৰী বেশে।
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তোমাক দিলেক স্তন দান।
স্তন পানে পুতনাৰ শুধিলন্ত প্রাণ ॥
শকটৰ তলে থৈলা যশোদা শুৱাই ।
লাঠি হানি শকট পেলাইলা ওভোতই॥

হেন দেখি যশোদা সুন্দৰী মন দুঃখে।
আথে বেধে কোলে লৈয়া স্তন দিলা মুখ॥
কিঞ্চৰ কিঙ্কৰে কহে শঙ্ককে যুগুতি।
ৰাম নাম বিনা কাৰো নাহিকে মুকুতি ॥