পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৬)
মহিলা কীৰ্ত্তন।

অ হৰি এ, নিৰ্ব্বিকাৰ হৰি,
 দিলা দেখা প্ৰভু মোক চতুৰ্ভুজ ধৰি
 হে নিৰ্ব্বিকাৰ হৰি।
অ হৰি এ, জয় যদমণি,
 নাম শুনি ভগৱন্তে আহিলে আপুনি
 হে জয় যদুমণি।
অ হৰি এ, নিত্য নিৰঞ্জন,
 সেৱা কৰি থাকো মই দুখানি চৰণ,
 হে নিত্য নিৰঞ্জন।
অ হৰি এ, তুমি নাৰায়ণ,
 দয়া কৰা দয়াশীল পশিলো শৰণ,
 হে তুমি নাৰায়ণ।


(জ) চোৰ ধৰি নিন্দা কৰা নাম।

যমুনাৰ জলে নামি গোপী সবে
 বিৱস্ত্ৰে কৰিলে স্নান।
নিলে চুৰি কৰি  গোপীৰ বস্ত্ৰ সোপি
 তীৰতে পালে যিমান॥