পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)
মহিলা কীৰ্ত্তন।

(৩)

পুৰুষ উত্তম, পৰম পুৰুষ,
 পৰম আনন্দ স্বামী।
তযু পাদ পদ্ম, মকৰন্দ আশে।
 শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত, অনন্ত ঈশ্বৰ,
 প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়ত্তম, পৰম দেৱতা
 জানিয়া লৈলো শৰণ।



(৪)



জয় জয় জয়, কৃষ্ণ কৃপাময়,
 ভজিলো তোমাৰ পাৱে।
তোমাৰ চৰণ,  পঙ্কজত মন,
 মজোক মোৰ স্বভাৱে॥
জয় জয় ৰাম, জগত কাৰণ,
 জগত জীৱন স্বামী।
পৰম দেৱতা, জানিয়া তোমাৰ,
 চৰণে ভজিলো আমি॥
অনাদি অনন্ত, হে ভগৱম্ভ,
 ভজো কৰি প্ৰণিপাত।