পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪১)
মহিলা কীৰ্ত্তন।

কৃষ্ণৰ বিৰহে  আহাঁ সখি সব
 জলে জাম্প দিয়া মৰো।
সেউতি ফুলেৰে ঘৰ মই সাজিলো
  মালতী ফুলৰে বেড়।
গুটিমালী ফুলৰ  দৰজা সাজিলো
 নাহিলে নন্দ কুমৰ॥
ফুলৰে ইছানি  ফুলৰে বিছনি
 ফুলৰে সাজালো শয্য়া॥
ফুলৰে শয্যাতে ঘুমতি নাহিলে
 কৃষ্ণ হল ভোমোৰা আৰ্য্যা॥
কেলেই ধৰিলা  মানবী জনম
 অকলৈ মৰিব৷ কান্দি
আহাঁ সখি সব  যাওঁ বৃন্দাৱনে
 কৃষ্ণক বিছাৰে৷ আজি
যমুনা বালীত গোপী নাম ললে
 মন্দলী আকাৰ কৰি।
যদি দয়া আছে   ওলোই দেখা দিয়া
 গোপীৰ প্ৰাণ বান্ধৱ হৰি।