পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)
মহিলা কীৰ্ত্তন।


(পদ)জানিলো তোমাক জগত ঈশ্বৰ
 তুমি সনাতন হৰি।
 সমস্ত ভূতৰ  তুমি প্রাণ বল
 জগতকে আছা ধৰি ॥
 স্ৰষ্টাৰে৷ স্ৰষ্টা তুমি সর্ব্ব দ্ৰষ্টা
 উদ্ধাৰি ধৰিলে ভুমি।
 জীৱৰ নিয়ন্তা পৰম আতমা
 মৃত্যুৰো অন্তক তুমি ॥
 আগে নিচিনিলো{gap|3em}}এবেসে জানিলো
  তেন্তে তুমি শ্রীৰাম।
 অজ্ঞানীক মোক প্ৰভু ক্ষেমিয়োক
  চৰণে কৰো প্ৰণাম॥

(২)


(ঘোষা) বৈকুণ্ঠৰ পৰা গোসাঞী নামি আহে
 মুখে হৰি নাম লই।
       দুহাতে দুমুঠি হৰি নাম আনিলে
 যায় সংসাৰলৈ বই।

(পদ) পৰম মঙ্গল হৰি নাম ধৰ্ম্ম
 যাহাৰ থাকে মুখত।