সমললৈ যাওক

পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)
মহিলা কীৰ্ত্তন।

স্তুতি

( সুৰ লগাই সকলোৱে চাপৰি বজাই গাব।)

বহুদেৱ নিগদতি হাসি, সাক্ষাতে বিদিত ভৈলা আসি,
 তুমিসে পুৰুষ প্ৰকৃতীৰো কৰি পৰ।
সমস্ত জীৱৰ বুদ্ধি সাক্ষী, কেৱল আনন্দ অনুভৱ,
 স্বৰূপ সুগৰ সাগৰ দেৱ ঈশ্বৰ॥
হে কৃষ্ণ যত জীৱ নিত, তিনিতাপে হুৱা সন্তাপিত,
 দুৰ্ঘোৰ সংসাৰে তাপত পৰি আছয়।
তযু পদে শ্বেত ছত্ৰ-প্ৰায়, অমৃত বৰিষে সৰ্ব্বদায়,
 আৰ ছায়া বিনে নেদেখো তাৰ আশ্ৰয়॥
বলি নিগদতি যদুপতি,  ৰাম ৰাম ৰাম ৰাম ৰাম,
 কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰে৷ দুৰ্লভ আতিশয়, ৰাম ৰাম ৰাম ৰাম ৰাম,
 গৃহতে থাকিয়া দেখিলো তযু চৰণ

প্ৰাৰ্থনা

(শুৰ লগাই সকলোৱে চাপৰি বজাই গাব। )

তুমি চিত্ত বৃত্তি মোৰ, প্ৰৱৰ্ত্তক নাৰায়ণ,
 তুমি নাথ মই নাথৱন্ত।
চৰণ ছত্ৰৰ ছায়া  দিয়া দূৰ কৰা মায়া,
 কৰ দয়া মোক ভগৱন্ত॥