পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৩)
মহিলা কীর্তন।

গাসাঁই গল বৈকুণ্ঠলৈ  বাটত দিলে বাধা
 চৰণত পৰি কান্দে গুণৱতী ৰাধা।
নেকান্দিবা গুণৱতী  নকৰিবা শোক
 সত্যে সত্যে গুণৱতী এৰি নেজাওঁ তোক॥ ১২
যেই বনে বিচাৰিলো  সেই বনে নাই
 অভাগীৰ কপালত হেৰালে গোসাঁই। ১৩

(৩)

বৃন্দাবন হৰি বৃন্দাবন।
ক’তে এৰি গলা নাৰায়ণ।
বৃন্দাবন বিহাৰী ৰাধে কৃষ্ণ।
মাঠে মৈৰা পাখী লৈ, কৃষ্ণাই আছেহি ৰৈ।
শ্য়াম বৰণীয়া চিকুন কৃষ্ণাই সংসাৰ তাৰিবলৈ॥
বংশী বজাই হৰি নাচে, নাচে গুপীলোক।
হিয়াৰ মাজে গোসাঁই আছে চিনাই দিয়া মোক॥
ছাপৰি বজাই হৰি ছাপৰি বজাই।
ছাপৰিৰ ছেৱে ছেৱে নাচে যদুৰাই।
ৰাম নাচে নাচে হৰি নাচে নাচে।
শ্ৰীদাম সুদাম নাচে আমি নাচিম পাছে॥
 মুতং নাচে বনমালী গোবিন্দাই।
লুগুৰ থুগুৰ নাচে বনমালী গোবিন্দাই॥
থমকে থমকে হৰি পাৱ চলাই।
মোহন মুৰুলী বাংশী বজাই॥