পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৪)
মহিলা কীৰ্ত্তন

ৰাম কৃষ্ণ দুটি ভাই বৃন্দাবনে চলি যায়।
হাতত মোহন বাংশী বজাই।
ৰাম কৃষ্ণ দুটি ভাই লক্ষ্মীৰ পতি হে।
গকুলত ক্ৰীড়ি ফুৰে শিশু ৰূপ ধৰি হে॥
দেখিবলৈ ভাল প্ৰভু ৰাম গোবিন্দ গোবিন্দ
মদন গোপাল প্ৰভু ৰাম গোবিন্দ
মুখে মনোহৰ হাসি হে॥
কাৰো হস্তী দন্ত গোবিন্দ গোবিন্দ
সভা পশিলন্ত গোবিন্দ গোবিন্দ
মথুৰা ৰমণী মুহিতে॥
বধিলা ধোবাক চৱৰ অস্ত্ৰে।
দেখা কৰি আসি ভূষিলা বস্ত্ৰে॥
পিন্ধালা চন্দন কুজী সাদৰি।
তাইৰ কুজ সম কৰিলা হৰি॥
ধোবাক মাৰিলে বস্ত্ৰ কাঢ়ি ললে
 মলিয়াৰ হাতৰে মলা।
কুজিকো তাৰিলে চন্দনো পিন্ধিলে
 লভিলে চন্দ্ৰৰ কলা।
গ’ল কুজী গ'ল চন্দন পিন্ধাবলৈ গ'ল।
কৃষ্ণৰ লগ পাই কুজী ধামনী বাই
 ষোল বছৰীয়া হল।
গ'ল কুজী গ’ল চন্দন পিন্ধাবলৈ গ’ল