পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২। শঙ্কৰদেৱৰ তিথিত গোৱা নাম।

(ঘোষা) অ হৰি কুসুম্বৰ তোমাৰ পুত্ৰ যদুমণি
শ্ৰীমন্ত শঙ্কৰ হৰি কুসুম্বৰ।।


(পদ) প্ৰথমে প্ৰণানো ব্ৰহ্মা ৰূপী সনাতন।
 সৰ্বব অৱতাৰৰ কাৰণ নাৰায়ণ।
 ভযু নাভি কমলত ব্ৰহ্মা ভৈলা জাত।
 যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত॥
 মৎস্যা ৰূপে অৱতাৰ ভৈলা প্ৰথমত।
 উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত॥
 ( এই খিনিতে ভাঙ্গি দিব)

(ঘোষা) তোমাৰ পুত্ৰ যদুমণি শ্ৰীমন্ত শঙ্কৰ

(পদ) সত্য়ব্ৰত ৰাজাক দেখাইলা নিজ মায়া।
 নধৰিলে সমুদ্ৰে তোমাৰ মৎস্য কায়া॥
 কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰো দধি তীৰে।
 লক্ষ প্ৰহৰৰ পথ জুৰিলা শৰীৰে।
 কৰিলেক পৰি স্তুতি সুৰাসৰ নাগে।
 ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে॥