পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)
মহিলা কীৰ্ত্তন।


( এই খিনিতে তলত লিখা ঘোষা দিব)

(ঘোষা) হৰে জয় হৰে শঙ্কৰদেৱ অৱতাৰ
 কুসুমৰ ঘৰে


(পদ) দিবা যজ্ঞ বাৰাহ স্বৰূপে ভৈলা তুমি।
 লীলায়ে দন্তৰ আগে উদ্ধাৰিলা ভূমি॥
 তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি।
 অপ্ৰয়াসে দৈত্য়ক মাৰিলা দন্তে ছিৰি॥
 আদি দৈত্য় হিৰণ্যকশিপু বলীয়াৰ।
 নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ॥
 কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস।
 ভক্ত প্ৰহ্লা দক প্ৰভু কৰিলা আশ্বাস॥
 বামণ স্বৰূপে আদিতিকক বাক্য় পালি।
 ইন্দ্ৰক স্থাপিলা চলে বলিক নিকালি॥
 ত্ৰৈলোককে আক্ৰমিলা চৰণৰ গতি।
 তযু পাদোদকে গঙ্গা ভৈলা উৎপত্তি॥