পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(ছ) গোসাই দৰ্শন।

(১)

বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই।
ভালেতো গোপিনী কান্দে বিচাৰি নাপাই
গলা কদম তলে প্ৰভু হেৰাল বৃন্দাবনে।
অভাগিণী তীৰি আমি পৰি থাকো বনে॥
বিছাৰিলো বিছাৰিলো অনেক প্ৰৱন্ধে।
পাইলো গৈয়া পাইলো গৈয়া তুলসীৰ গন্ধে।
নাম লোভী শ্ৰীকৃষ্ণ ভকত লোভী হৰি।
এৰি গলা তুমি প্ৰভু অনাচাৰী তিৰী॥
দেখা দিয়া বনমালী বনতে ওলাই।
অগণিত মোক প্ৰভু নেমাৰা পেলাই॥
গোপী সব এই সময় নকৰিবা হেলা
গোসাঁই অহা সময় হৈছে শুভক্ষণ বেলা॥
গোসাঁই আহি উলটিলে দেখিয়া জঞ্জাল।
আমি গোসাঁইক নেদেখিলো অভাগী কপাল
সেন্দুৰৰে দগে নগে কাজলৰ ৰেখা।
বিজুলীৰ চমকে আহি কৃষ্ণে দিলে দেখা॥
আগ বাঢ়ি আহা প্ৰভু আউৰ এক ভৰি।
চৰণত পৰি কান্দো বাগৰি বাগৰি॥