পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৮)
মহিলা কীৰ্ত্তন

নহলে ভেটিব বাট আহি গোপ নাৰী।
কোন মতে যাইবো মই ভকতক এৰি॥

(ঘোষা) হৰি বোল হৰি বোল মাধৱ
(পদ) ৰখে তুলি ৰাম কৃষ্ণ দোভাই।
 অক্ৰুৰে লৈ যান্ত ঘোৰা ডকাই॥
 বায়ুৰ বেগে নোহে তাক তুল।
 পাইলা গৈয়া পাছে যমুন। কুল॥
 মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।
 ৰাখিলা ৰথ পাছে দানপতি॥
 দোভাইক ৰথে থৈয়া তৰু তলে।
 নামিল গৈয়া যমুনাৰ জলে॥
 বুৰ দিয়া মন্ত্ৰ জপিলা পাছে।
 দেখন্ত ৰাম কৃষ্ণ ঐত আছে॥
 ৰথত নাহিকে বুলি উঠিলা।
 দোভাইক ৰথে দুনাই দেখিলা॥
 আনন্দতে পৰে নেত্ৰৰ পানী।
 কণ্ঠৰো নেপায় গদ গদ বানী॥
 পৰম ভক্তি কৰি মহা ভাগে।
 কৃতাঞ্জলী কৰি পৰিল আগে॥