পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মহিলা কীৰ্ত্তন।


গোপী সবে আহে আজি ৰঙ্গ ৰহস্যেৰে ।
ফুল পুষ্প বৃষ্টি কৰে মহা আনন্দেৰে ॥
নন্দে মহোৎসৱ কৰে গোপ সব মাতি ।
গোপ সবে খেলা কৰে দধি দুগ্ধ ঢালি ॥
খেলা কৰি গোপ সবে কৰে হৰিধ্বনি।
চিৰঞ্জীৱ শ্ৰীকৃষ্ণ যশোদা সুন্দৰী ॥


বৃন্দাবনত গৰু চৰোৱা ।

(গ)

সুৱৰ্ণৰ খাটতে  গোসাই শুভি আছে
 নিদ্ৰাত চেতন নাই।
লাখৰ ৰাখৰ কৰি  যশোদা সুন্দৰী
 কৃষ্ণক জগোৱা গই ॥
পুহাইল ৰজনী  উঠা ষহুমণি
 চৌদিকে পোহৰ হল ।
বনৰ হৰিণা  বনতে লুকালে
 পশু দিশাদিশি গল ॥
যশোদা ডাকিলে  উঠা ৰাম কলিয়া
 বিলম্ব কৰিছা কেনে।
উঠা শীঘ্ৰ কৰি  ধেমু চৰাবলৈ
দাদা বলোভদ্ৰ সঙ্গে ॥