পৃষ্ঠা:মহিলা কীৰ্ত্তন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)
মহিলা কীৰ্ত্তন।

ততেক পাতক  প্ৰৱদ্ধে কৰিবে
 নোৱাৰে পাতকী নৰে॥
ব্ৰহ্মচাৰী গৃহ-  বাসী বনবাসী
 সন্ন্যাসী যতেক যতী।
হৰিৰ কীৰ্ত্তন  এৰি কেহ নৰে
 নপাৱে পৰম গতি॥
সূৰ্য্য গ্ৰহণত  এক কোটি ধেনু
 ব্ৰাহ্মণক দেই দান।
প্ৰয়াগ গঙ্গাৰ  জলত নিবাস
 কৰি দশ কল্পমান॥
অযুতেক যজ্ঞ  কৰে মেৰু সম
 সুবৰ্ণক দেই দান।
এক শত ভাগো  গোবিন্দ নামৰ
 তেবেয়ো নুহি সমান॥
হৰিৰ নামৰ  সমস্ত মহিমা
 কহিবে কাৰ শকতি।
যদি চাৰি মুখে  ব্ৰহ্মায়ে কহন্ত
 তভু নুহি সমাপতি॥
কোটি এক ৰাজ-  সূয় অশ্বমেধ
 যজ্ঞ আক নোহে সৰি।
হেন হৰি নাম  নলৈয়া হেলাত
 মৰে আত্মঘাত কৰি॥