হেমহাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[  ]

 

হেমহাৰ।

 


শ্ৰীহেমচন্দ্ৰ শৰ্ম্মা বৰুৱা।


———০————

 

যােৰহাট —।

 

১৯২৫ চন।

 

প্ৰথম তাঙ্গৰণ।


 বেচ –

 

[  ]

পাতনি।

⸺০⸺

 অসমীয়া ভাষাত সৰু লৰাছোৱালীয়ে পঢ়িবৰ উপযোগী কিতাপ নাই বুলিলেও হয়। কিন্তু বঙ্গালি ভাষাত এনে ধৰণৰ অনেক কিতাপ প্ৰকাশ হৈছে, আৰু দিনে দিনে হবই লাগিছে। আন কি আসামৰ প্ৰায় মানুহৰ ঘৰতে বঙ্গালি ভাষাৰ তেনে ধৰণৰ কিতাপ বহুত দেখিবলৈ পোৱা যায়। সেই অভাৱ যৎকিঞ্চিৎ পৰিমাণে দূৰ কৰিবৰ উদ্দেশ্যেৰেই এই পুথিখনি পৌৰাণিক সকলোৱে জনা শুনা গল্প দুটামানেৰে প্ৰকাশ কৰি ৰাইজৰ আগত দাঙ্গি ধৰিলোঁ। পুথিখনিত যে অনেক খুঁত আছে তাক আৰু বিশেষকৈ কোৱাৰ আবশ্যক নকৰে। সদাশয় পাঠক পাঠিকা সকলে যেন সেই ভুল সংশোধন কৰি দিয়ে। পুথিখনি যদিও নিচেই সৰু হল, তথাপি আশা কৰোঁ ই সৰু লৰাছোৱালী বিলাকৰ নিমিত্তে উপযোগী হব, আৰু সেয়ে হলেই আমাৰ চেষ্টা সফল হৈছে বুলি ভাবিব পাৰিম।

 শিৱসাগৰৰ বেজবৰুৱা স্কুলৰ শিক্ষক মাননীয় শ্ৰীযুক্ত অনিৰুদ্ধ দেব শৰ্ম্মা ব্যাকৰনতীৰ্থ মহাশয়ে পুথিখনি হাতে লিখা অৱস্থাতে চাই অনেক ভুল সংশোধন কৰি দিয়াত তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ থাকিলোঁ।

যোৰহাট।
২৪ অক্টোবৰ, ১৯২৫।
শ্ৰীহেমচন্দ্ৰ বৰুৱা।

[  ]


হেমহাৰ।

আৰম্ভণি।

 তোমালোকে কেতিয়াবা মহাভাৰত পঢ়িছানে? ই এখন ভাৰতৰ অতি পুৰণি পুথি। মহামুনি বেদব্যাসে এই পুথিখনি ৰচনা কৰে। ইয়াত জ্ঞান আৰু সজ উপদেশ পূৰ্ণ অনেক কথা গল্পৰ ছলেৰে বৰ্ণোৱা আছে। তাৰে দুটামান মই তোমালোকক কওঁ শুনা।

[  ]


(১) ধ্ৰুব।

 অতি পুৰণি কালত আমাৰ এই ভাৰতবৰ্ষতে উত্তানপাদ নামেৰে এজন সৰ্ব্বগুণান্বিত অতি পৰাক্ৰমী ৰজা আছিল। তেঁওৰ সুনীতি আৰু সুৰুচি নামেৰে দুগৰাকী পৰম ৰূপৱতী ৰাণী আছিল। তেঁওলোকৰ ভিতৰত সুনীতিৰ গৰ্ভত ধ্ৰুব আৰু সুৰুচিৰ গৰ্ভত উত্তম নামেৰে দুটি ৰাজকোঁৱৰৰ জন্ম হয়। ৰূপে, গুণে, স্বভাৱে, চৰিত্ৰে দুয়োটি কুমাৰৰ একো বিভিন্ন নাছিল। প্ৰজা বিলাকেও তেওঁলোক বৰ ভাল পাইছিল। ৰজাই সুৰুচিক সুনীতিতকৈ বেছি আদৰ আৰু স্নেহ কৰিছিল। কাৰণ সুৰুচিয়ে ৰজাৰ মনত [  ]
 
যেনেকৈ সোমাৰ পাৰিছিল, সুনীতিয়ে তেনেকৈ নোৱাৰিছিল।

 এদিন ৰজা উত্তানপাদ আৰু ৰাণী সুৰুচি দুয়ো কুমাৰ উত্তমক লৈ সিংহাসনত বহি আছে। এনেতে সুনীতিৰ পুত্ৰ ধ্ৰুব আহি উত্তমৰ নিচিনাকৈ পিতাকৰ কোলাত বহিবৰ কাৰণে কাষ চাপিলহি। ধ্ৰুবক ওচৰলৈ অহা দেখি ৰজাই ধ্ৰুবক কোলাত তুলি লবলৈ হাত মেলিছে আৰু ধ্ৰুবেও কোলাত উঠিবলৈ ভৰি দাঙ্গিছে, এনেতে তেওঁক ঠেলা মাৰি কোলাত উঠিবলৈ নিদি কলে—ধ্ৰুব তুমি কোন সাহেৰে সিংহা- সনত বহিবলৈ আহিছিলা? নাজানানে এইখন কুমাৰ উত্তমৰ ভবিষ্যত আসন? তুমি ইয়াৰ যোগ্য নোহোৱা। তোমাৰ হৃদয়ত এই আশাই শোভা নাপায়। তপস্যাৰ বলেৰে যদি সুনীতি পুত্ৰ গুচি মোৰ পুত্ৰ হব পাৰা, তেনেহলে এই হীৰা মৰকত খচিত সিংহাসনত বহিব পাৰিবা।

 মাহীমাকৰ এনে কঠুৱা ব্যৱহাৰ দেখি ধ্ৰুবৰ চকু চল্‌চলীয় হ'ল। তেওঁ কান্দিবলৈ ধৰিলে। [  ]
 

লাজে, অপমানে, দুখে, সন্তাপে জৰ্জ্জৰিত হৈ এখোজ দোখোজকৈ তেওঁ মাকৰ অন্তঃপুৰলৈ খোজ ললে॥

 সপত্নীয়ে পুতেকক অপমান কৰি সিংহা সনত বহিবলৈ নিদিয়াৰ কথা দাসীৰ মুখে শুনিবলৈ পাই ৰাণী সুনীতি বেজাৰ মনেৰে মৌন হৈ বহি আছে। এনেতে ধ্ৰুব উচুপি উচুপি আহি মাকৰ ওচৰত ঠিয় হ'লহি।

 সকলো কথা জনা সত্ত্বেও মাকে ধ্ৰুবক উচুপি উচুপি কান্দি অহা দেখি সুধিলে, মইনা, তোমাৰ কি হল? তোমাক কোনোবাই কিবা কলেনে কি? মাকৰ কথা শুনি ধ্ৰুবে কান্দি কান্দি কলে মই পিতাৰ সিংহাসনত বহিবলৈ গৈছিলোঁ, মাহী আয়ে বহিবলৈ নিদি কিবা কিবি গালি পাৰি কলে বোলে—তুমি যেতিয়া মোৰ লৰা নোহাৱা এই সিংহাসনত বহিব নোৱাৰা। তপস্যাৰ বলেৰে যদি মোৰ লৰা হব পাৰা তেহে

বহিবলৈ পাবা। পিতায়ো মাহী আইক একো নকলে ৷ [  ]
 

 সুনীতিৰ আৰু বেজাৰৰ সীমা নাথাকিল। তেওঁৰ হৃদয়ত শোকৰূপ দাবানল জ্বলিবলৈ ধৰিলে। কমল সদৃশ চকুজুৰিয়েদি চকুলো বৈ আহিল। দীঘল হুমুনিয়াহ এটা কাঢ়ি তেওঁ কবলৈ ধৰিলে—বাছা, মাহীয়াই যি কৈছে সি সকলো সঁচা। মই অভাগিনী, পিতাৰাই মোক ভাৰ্য্যা বুলি কবলৈকে লাজ পায়৷ তুমি মোৰ পুত্ৰ হৈ জন্ম লোৱাই বৃথা হৈছে৷ কিন্তু তুমি যদি তপস্যা কৰি সেই পদ্মপলাশলোচন হৰিক তুষ্ট কৰিব পাৰা তেনেহলে তোমাক তেওঁ এই তুচ্ছ সিংহাসনতকৈয়ো মূল্যবান বস্তু দিব পাৰে। তেওঁৱেই এই জোন, বেলি, গ্ৰহ, নক্ষত্ৰ, হীৰা, মণি, মৰকত, পৰ্ব্বত, গছলতাদি সৃজন কৰিছে।

 মাকৰ মুখত তপস্যা কৰাৰ কথা শুনি ধ্ৰুবৰ হিয়াত সেই ভাৱ দকৈ বহি গল। তেওঁ সেই দিনা ৰাতি ভাবি চিন্তি শুই থাকিল। পাচ দিলা ৰাতিপুৱা জননীক সেৱা সৎকাৰ কৰি

তেওঁ তপস্যাৰ কাৰণে ওলাই গল ৷ [ ১০ ]
 

 গৈ গৈ এখন বৰ অতব্য অৰণ্য পালেগৈ। হিংস্ৰ্ৰ জন্তু থকা সত্ত্বেও তেওঁ নিৰ্ভয় চিত্তে হাবিয়ে হাবিয়ে যাবলৈ ধৰিলে। তেওঁ গৈ এজোপা প্ৰকাণ্ড গছৰ তলতে তপস্যাৰ কাৰণে বহি ললে। এনেতে নাৰদ মুনি, সম্বন্ধত ধ্ৰুবৰ ককাক, আহি তেওঁক ক'লে—বাছা, তুমি কিয় এনে কঠোৰ তপস্যা কৰিবলৈ আহিছা? এই কোমল বয়সত তোমাৰ এনে কাৰ্য্যই নুশুৱায়। ঘৰলৈ গৈ লিখা পঢ়া কৰি পিতৃ মাতৃৰ মনত সন্তোষ দিয়াগৈ। এই দৰে নাৰদ মুনিয়ে তেওঁক নানা প্ৰকাৰ বুজনি দিলে। কিন্তু ধ্ৰুবৰ হিয়া অটল। তেওঁ কোনোমতেই ঘৰলৈ উলটি যাবলৈ মান্তি নহল।

 ধ্ৰুবক কোনোমতেই বুজাব নোৱাৰা যেন দেখি নাৰদে অৱশেষত সেই নিৰঞ্জন, নিৰাকাৰ, নিৰ্গুণ পৰমেশ্বৰৰ ৰূপ বৰ্ণনা কৰি কলে,—বাছা, এই ঠাই তপস্যাৰ উপযুক্ত ঠাই নহয়। যমুনাৰ ওচৰত মধুবন নামেৰে এখন বন আছে। তাতে

তুমি এই হৰিৰ ৰূপ চিন্তা কৰা গৈ ৷ তোমাৰ [ ১১ ]
 

ইচ্ছা সফল হব। এই বুলি কৈ নাৰদ মুনিয়ে ধ্ৰুবৰ ওচৰৰ পৰা বিদায় ললে।

 ধ্ৰুবৰ ওচৰৰ পৰা বিদায় লৈ নাৰদ মুনি ৰজা উত্তানপাদৰ নগৰ পালেগৈ। নাৰদক দেখি ৰজাই পাদ্যাদি দি সাদৰ সম্ভাষণ কৰি বহিবলৈ দিলে। ৰজাক বিষন্ন মনে থকা দেখি নাৰদে সুধিলে-মহাৰাজ, আপোনাৰ কি হৈছে? আপোনাক দেখোন বৰ বিষন্ন দেখিছোঁ। কিবা অৰ্থহানি হ’লনে কি। ৰজাই উত্তৰ দিলে, হে মুনিবৰ, মই তিৰোতাৰ বশবৰ্ত্তী পুৰুষ। তিৰোতাৰ কথা শুনি মই মোৰ ধ্ৰুব হেন স্নেহৰ পুতলিক বনত তপস্যা কৰিবলৈ এড়ি দিলোঁ। মই বৰ নিষ্ঠুৰ, মোৰ হৃদয়ত দয়াৰ কণা মাত্ৰও নাই।

 ৰজাৰ দুখ দেখি নাৰদে প্ৰবোধ দি কলে, মহাৰাজ, ধ্ৰুবৰ নিমিত্তে একো চিন্তা নকৰিব। তেওঁক দেৱতা সকলে ৰক্ষা কৰি আছে । ধ্ৰুবে জগতৰ অসাধ্য সাধন কৰি আপোনাৰ মুখ

উজ্জ্বল কৰিব ৷ এই দৰে নানা ৰকমে প্ৰবোধ দি [ ১২ ]
 

দেবৰ্ষি নাৰদে ৰজাৰ পৰা বিদায় লৈ ঘৰলৈ গুচি গল। ৰজায়ো নাৰদৰ কথাতে প্ৰবোধ মানি নিজে সান্তনা দি ৰাজকাৰ্য্য চলাবলৈ ধৰিলে।

 ইপিনে নাৰদৰ কথা মতে ধ্ৰুব মধুবনলৈ গৈ তাত ৫ পাঁচ মাহ কেৱল বায়ু সেৱন কৰি কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। তেওঁৰ তপস্যা দেখি স্বৰ্গৰ দেৱতা সকল অস্থিৰ হ'ল। তেওঁলোক সকলো গৈ অবশেষত বিষ্ণুৰ ওচৰ পালেগৈ। বিষ্ণুক সম্বোধন কৰি দেবতা সকলে কবলৈ ধৰিলে, “প্ৰভু, উত্তানপাদ ৰজাৰ পাঁচ বছৰীয়া ধ্ৰুবে আমি পাঁচ মাহ কঠোৰ তপস্যা কৰিব লাগিছে। পাঁচ মাহৰ ভিতৰতে যেতিয়া তেওঁ উশাহ জয় কৰিলে আৰু কিছু দিন থাকিলে যে তেওঁ কি নকৰিব কব পৰা নাই।”

 দেৱতা সকলৰ কথা শুনি সৰ্ব্বান্তৰ্য্যামী ভগৱান বিষ্ণুৱে হাঁহি হাঁহি উত্তৰ দিলে, দেৱতা সকল, ধ্ৰুবে মোৰ গোটেই হৃদয় অধিকাৰ কৰিলে ৷ মই আৰু তেওঁক কষ্ট [ ১৩ ]
 
দিব নোৱাৰোঁ। মই ভক্তাধীন, ভক্তৰ দুখ দেখি অকণো সহ্য কৰি থাকিব নোৱাৰোঁ৷ তোমালোক এতিয়া যোৱা। মই ধ্ৰুবক দেখা দি তেওঁৰ মনোবাঞ্চা পূৰণ কৰিমগৈ।” এই বুলি কোৱাত দেৱতা সকল ঘৰাঘৰি প্ৰস্থান কৰিলে। দেবতা সকলক প্ৰবোধ দি ভগৱান বিষ্ণু গৰুড়ত উঠি মধুবন পালেগৈ আৰু ধ্ৰুবে যি ঠাইত বহি তপস্যা কৰিছিল তালৈ গৈ তেওঁৰ আগত ঠিয় হলগৈ। বিষ্ণুক আগত দেখি ধ্ৰুবৰ হিয়া আনন্দত নাচি উঠিল। তেওঁৰ হৃদয়ৰ মাজত কি যেন এক অপূৰ্ব্ব স্বৰ্গীয় ৰশ্মি দেখিবলৈ পালে, তেওঁনো এতিয়া কি কব একো ঠিক কৰিব নোৱাৰি কঁপি কঁপি আধা ফুটা মাতাৰে,প্ৰভু ! দাসৰ অপৰাধ ক্ষমা কৰক বুলি ঠিয় হৈ ৰল ৷  ভাবগ্ৰাহী জনাৰ্দ্দনৰ আৰু বুজিবলৈ একো বাকী নাথাকিল ৷ তেওঁ তেওঁৰ হাতৰ শঙ্খেৰে ধ্ৰুবৰ কণ্ঠ স্পৰ্শ কৰিলে ৷ তেওঁৰ তেতিয়া চেতনা হল ৷ তেওঁ তেতিয়া ভগৱানৰ স্তুতিগান [ ১৪ ]
 

কৰিবলৈ ধৰিলে। ধ্ৰুবৰ স্তুতিগানত তুষ্ট হৈ ভগৱন্তই তেওঁক তুলি ধৰি কলে “বাছা, তোমাৰ তপস্যাত মই তুষ্ট হৈছোঁ। তোমাৰ অভিষ্ট সিদ্ধি হওক। তোমাৰ নিমিত্তে মই স্বৰ্গত এখন নতুন স্থান নিৰ্ম্মাণ কৰাইছোঁ। তাৰ নাম দিছোঁ ‘ভবলোক’॥ এতিয়া ঘৰলৈ উলটি যোৱাগৈ আৰু পিতাৰাৰ পাচত কুমাৰ উত্তমক লগত লৈ সুখেৰে ৰাজকাৰ্য্য চলোৱাগৈ। এই বুলি কৈ ভগৱন্তই ধ্ৰুবক আলিঙ্গন দি অন্তৰ্ধ্যান হল৷ ধ্ৰুবেও নিজৰ অভিষ্ট সিদ্ধি হলত ঘৰৰ ফালে খোজ ললে ৷

 নাৰদ মুনিয়ে ইপিনে ধ্ৰুবৰ তপস্যা শেষ হোৱা গম পাই ৰজাক জনালেগৈ। ৰজাই ধ্ৰুব তপস্যাৰ বলেৰে ঈশ্বৰ সাক্ষাৎ হোৱা শুনি বৰ আনন্দ পালে আৰু হয় হস্তী আদি চতুৰঙ্গ দলেৰে নিজে গৈ ধ্ৰুবক মাজ্ বাটৰ পৰা আগ বঢ়াই আনি সিংহাসনৰ বহুৱালেহি ৷ ধ্ৰুবেও পিতাকৰ পাচত কুমাৰ উত্তমক লৈ অনেক দিন সুখেৰে ৰাজত্ব কৰি ধ্ৰবলোকলৈ প্ৰয়াণ কৰিলে ৷ [ ১৫ ]
 
 তোমালোকে কেতিয়াবা ‘ধ্ৰুবতৰা’ দেখিছানে? যদি দেখা নাই তেন্তে সন্ধ্যা বেলিকা তুমি যি ঠাইত আছা তাৰ উত্তৰ ফালে আকাশত সাতোটা তৰা দেখিবা। এই তৰা কেইটি সদায় একে ঠাইতে থাকে। ইংৰাজীত এনে তৰাক (Fixed Star) বোলে। এই সাতোটা তৰাক সপ্তৰ্ষি মণ্ডল বা গোধিকা মণ্ডল বোলে। গোধিকা মানে গুঁই, অৰ্থাৎ সেই তৰা কেইটি গোট থাই ঠিক গুঁইটোৰ নিচিনা হৈ আছে। সেই সপ্তৰ্ষি মণ্ডলৰ নিচেই শেষৰ তৰাটোৰ ওচৰতে বা গুঁইটোৰ নেজ দালৰ মূৰতে বৰ বেচিকৈ যিটো তৰা জ্বলি থকা দেখি সেইটিকে ধ্ৰুবতৰা বোলে। ইংৰাজীত ইয়াক (Pole Star)পোল ষ্টাৰ বোলে আৰু এন্ধাৰ নিশা সাগৰৰ মাজত নাবিকবিলাকে এই তৰা চাই দিক্ নিৰুপণ কৰে। এওঁৱেই ধ্ৰুব। এওঁ তপস্যা কৰি ভক্তি আৰু একাগ্ৰতাৰ জ্বলন্ত পটন্তৰ দেখুৱাই সকলোৰে ওপৰত আজিলৈকে জিলিকি আছে। তোমালোকেও যদি তেওঁৰ [ ১৬ ]
 

দৰে একাগ্ৰচিত্তে ঈশ্বৰত ভক্তি ৰাখি লিখা পঢ়া কৰা তেনেহলে সকলোতকৈ ওখ আসনত বহিব পাৰিবা আৰু যশস্যা ৰাখি তেওঁৰ নিচিনাকৈ মৰিও অমৰ হৈ জিলিকি থাকিব পাৰিবা।


———•———

[ ১৭ ]
 

(২) জটিল।

 অতীজত এজন ব্ৰাহ্মণ আছিল। তেওঁৰ সন্তান সন্ততি বুলিবলৈ মাত্ৰ এটি লৰা আছিল। লৰাটিৰ পাঁচ বছৰ বয়সতে ব্ৰাহ্মণে বিধবা পত্নী আৰু লৰাটিক এড়ি খৈ ইহ লীলা সম্বৰণ কৰে। বিধবা ব্ৰাহ্মণীয়ে তেওঁৰ লৰাটিক পঢ়িবৰ নিমিত্তে আশ্ৰমৰ পঢ়াশালী এখনত নাম লগাই দিয়ে। লৰাটিৰ নাম আছিল জটিল ৷ ঘৰৰ পৰা পঢ়াশালীলৈ যোৱা বাটতে এখন হাবি আছিল। লগৰীয়া কোনো লৰা নথকাত তেওঁ মাকক সদায় লগ এটা দিবলৈ কুতুৰি থাকে। কিন্তু মাকে কোনো লগ দিব নোৱাৰাত জটিলে নিতৌ পঢ়াশালীলৈ যাবৰ হলেই কান্দিকাতি অস্থিৰ হৈ মাকক বৰ আহুকাল কৰে।

 সেই দিনাও জটিলে মাকক আগৰ দৰে আহুকাল কৰি আছে ৷ ওচৰত লৰা লুৰি এটাও নাই যে জটিলক তাৰ লগতে পঢ়াশালীলৈ [ ১৮ ]
 

পঠাব পাৰে। বহুত পৰ বেজাৰ মনেৰে ভাবি চিন্তি অবশেষত কলে,—সোণাই, নাকান্দিবা, মই বিধবা আৰু তাতে বৰ দুখীয়া। তোমাৰ লগত পঠিয়াবলৈ মোৰ কোনো নাই। তুমি বাৰু নাকান্দিবাচোন। চৰাচৰ প্ৰাণীৰ সৃজনকৰ্ত্তা পৰমেশ্বৰ মধুসূদনত বাজে তোমাৰ সহায় কৰোঁতা আৰু কোনো নাই। তেওঁ মৰমিয়াল। তুমি তেওঁক মাতিলেই তেওঁ তোমাক নি পঢ়াশালীত থৈ আহিবগৈ। তুমি বাৰু কাইলৈ হাবি পালেই মধুসূদন দাদা বুলি মাতিবাচোন।

 পাচ দিনা ৰাতিপুৱা যেতিয়া জটিল পঢ়াশালীলৈ গ’ল সেই হাবি ডোখৰ পায়েই মাকৰ কথা মতে মধুসূদন দাদা, ঔ! মধুসূদন দাদা ঔ ! বুলি কেবা বাৰো চিঞৰি মতাত ভক্তৰ কৰুণ মাতত ভগৱন্ত স্থিৰেৰে থাকিব নোৱাৰি ভক্তৰ কথা ৰাখিবলৈ জটিলৰ আগত ঠিয় হ’লহি ৷ আৰু তেওঁক নি পঢ়াশালীত থৈ আহিলগৈ ৷ এনেকৈয়ে সদায় জটিলে হাবি ডোখৰ পায়েই [ ১৯ ] মধুসূদনক মাতে আৰু মধুসূদনেও তেওঁক নি পঢ়াশালীত থৈ আহেগৈ।

 এনেকৈয়ে কিছুদিন গৈছে। এদিন সেই পঢ়া শালীৰ পণ্ডিতে তেওঁৰ পিতৃশ্ৰাদ্ধৰ নিমিত্তে সকলো ছাতৰক গোটাই লৈ ক'লে, — “তোমা লোকে বোধ কৰোঁ গম পাইছা পূৰ্ণিমাৰ দিনা মোৰ পিতৃদেৱতাৰ শ্ৰাদ্ধ, তালৈকে তোমালোকে কোনে কি দিব পাৰিবা কোৱা”। প্ৰত্যেক লৰাই একোটা একোটা বস্তু আনি দিবলৈ গাত ললে, কিন্তু যেতিয়া জটিলৰ পাল পৰিলে জটিলে পণ্ডিতক কলে, “মহাশয়, আমি নিচেই দুখীয়া, আয়ে মাগিয়ে খায়, আমাৰনো কি আছে, কি দিম?” জটিলৰ কথা শুনি পণ্ডিতে চকুপকাই কলে— “মই ইবোৰ সিবোৰ কথা নাজানো, তই কি দিব পাৰিবি কাইলৈ মাৰক সুধি আহিবি।

 সেই দিনা গধূলি জটিল আহি পণ্ডিতে কোৱা সকলো কথা মাকৰ আগত কলেহি। মাকে ক’লে, বোপাই, মই নিচেই দুখীয়া। [ ২০ ] পণ্ডিতক দিবলৈ আমাৰ কি আছে? তোমাৰ মধুসূদন দাদাৰক সুধিবা তেৱেই কি হয় এটা উপায় দিব। এই বুলি কোৱাত সেই দিনা ৰাতি খাই বৈ শুই থাকি পাচ দিনা ৰাতিপুৱা উঠি কিতাপ ফলি লৈ পঢ়াশালীলৈ ওলাই গৈ যেতিয়া হাবি ডোখৰ পালেগৈ তেতিয়া তেওঁ মধুসূদন দাদাকক মাতিলে। জটিলৰ মাত শুনি মধুসূদন দাদাকো আহি তেওঁৰ ওচৰত ঠিয় হলত জটিলে কলে, দাদা, পণ্ডিতে শ্ৰাদ্ধ নিমিত্তে কিবা কিবি খুজি পঠাইছে। জটিলৰ কথা শুনি ভগৱন্তই তেওঁৰ মুখত চুমা এটা দি কলে, ‘ভাইটি, তুমি পণ্ডিতক কবাগৈ বুলি মই গাখীৰ দিব পৰিম”। এই বুলি কৈ মধুসূদনে জটিলক পঢ়াশালীৰ ওচৰত, আগবঢ়াই থৈ আহিলগৈ। জটিলেও মধুসূদনে কোৱা মতে পণ্ডিতৰ আগত গাখীৰ দিব পাৰিম বুলি গাত ল’লে।

 এদিন দুদিনকৈ পূৰ্ণিমা পালেহি। পণ্ডিতৰ ঘৰত শ্ৰাদ্ধৰ ধুমধাম। ছাতৰবোৰৰ ভিতৰত [ ২১ ] যেয়ে যি পাৰে সকলো আনি যথা সময়ত উপ- স্থিত কৰিলেহি। কিন্তু খাবৰ সময় হল তথাপি জটিল গাখীৰ লৈ নোলালহি। পণ্ডিত খঙ্গত অগ্নি শৰ্মা হৈ উঠিল। এনে সময়তে জটিলে গাখীৰৰ চৰু এটা মূৰত কৰি পণ্ডিতৰ ওচৰ পালেহি। পণ্ডিতে জটিলক এচৰু মাত্ৰ গাখীৰ অনা দেখি খঙ্গত আৰু জ্বলি পকি উঠিল। তেওঁ জটিলক অনেক গালি শপনি পাৰি মাৰিবলৈ উঠিল। কিন্তু জটিলে কান্দি কান্দি পণ্ডিতক কলে,— মহাশয়, এয়েই আঁতিব। আমাৰ মধুসূদন দাদাই কৈছে বোলে ইয়াৰ হেনো গাখীৰ নুধুকায়। জটিলৰ কোমল কথাত পণ্ডিতে নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি নিজৰ মনক প্ৰবোধ দি সেই গাখিৰকে ব্ৰাহ্মণ সকলক খাবলৈ দিলে। কিন্তু কি আচ- ৰিত শয়ে শয়ে মানুহক খুৱালতো চৰুৰ গাখীৰ নুধুকুৱা হ’ল। পণ্ডিতে আচৰিত হৈ জটিলক সুধিলে, জটিলে মধুসূদন মামাই দিয়া বুলি কলত পণ্ডিতে ক’লে, জটিল তোমাৰ মধুসূদন [ ২২ ] দাদানো কত থাকে, তুমি মোক তেওঁক দেখুৱাই দিব পাৰিবানে? জটিলে ৰংমনেৰে কলে, মহাশয়, তেওঁ আমাৰ ঘৰৰ ওচৰৰ হাবিতে থাকে। কাইলৈ পুৱা মোৰ লগত গলে মই দাদাক দেখুৱাই দিব পাৰিম। জটিলৰ কথা শুনি পণ্ডিত বিস্মিত হৈ সেই দিনা থাকি পাচ দিনা ৰাতিপুৱা মধুসূদনক চাবলৈ যাম বুলি কৈ জটিলক বিদায় দিলে।

 পাচ দিনা ৰাতিপুৱাই পণ্ডিত গৈ জটিলৰ ঘৰ পাই জটিলৰ মাকৰ আগত সকলো কথা কোৱাত মাকো যাবলৈ ওলাল। গা-পা ধুই ধৌত বস্ত্ৰ পিন্ধি জটিল জটিলৰ মাক আৰু পণ্ডিত তিনিও হাবি ডোখৰলৈ আহিল। হাবিৰ ওচৰ পায়েই জটিলে মধুসূদন দাদা, মধুসূদন দাদা, বুলি কেবাবাৰো মতাত ভক্তৰ মান ৰক্ষা কৰিবলৈ জটিলৰ মধুসূদন দাদা প্ৰভু ভগৱন্ত তেওঁলোক তিনিওৰে আগত ঠিয় হ’লহি। নবঘনশ্যাম, শঙ্খচক্ৰমুৰুলীধাৰী, মদন মোহন বিষ্ণুৰ ৰূপ দেখি পণ্ডিত আৰু জটিলৰ মাকৰ [ ২৩ ] বুজিবলৈ একো বাকী নাথাকিল। তেওঁলোকে ভগৱন্তৰ চৰণত দীঘল দি পৰি অনেক স্তুতি- মিনতি কৰিবলৈ ধৰিলে। তেওঁ লোকৰ স্তুতি গানত সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকক সুমধুৰ বাক্যেৰে প্ৰবোধ দি তেতিয়াই স্বৰ্গীয় ৰথত তুলি চিৰ সুখ পুৰি বৈকুণ্ঠ ধামলৈ লৈ গুচি গল।


____________

[ ২৪ ]

প্ৰহ্লাদ।

 সত্য যুগত এদিন ভগৱান বিষ্ণুয়ে বৈকুণ্ঠত লক্ষ্মীৰে সৈতে সুখেৰে বিৰাজ কৰিছে। এনেতে চাৰিজন সিদ্ধ তপস্বী ব্ৰাহ্মণ তেওঁৰ দ্বাৰত উপ- স্থিত হ'লহি। তেওঁৰ জয় আৰু বিজয় নামেৰে দুজন দুৱৰী আছিল। জয় বিজয়ে তেওঁবিলাকৰ কথা নুশুনি বলেৰে যাব খোজাত জয় বিজয়ে তেওঁলোকক গতিয়াই উলিয়াই দিলে। তপস্বী সকলে ক্ৰোধত অধীৰ হৈ তেওঁলোকক পৃথিবীত অসুৰ হৈ জন্ম লবলৈ শাপ দিলে। ব্ৰাহ্মণৰ কথা শুনি তেওঁ বিলাকক ততালিকে বিষ্ণুৰ ওচৰলৈ গৈ কাকুতি মিনতি কৰি কোৱাত বিষ্ণুয়ে উত্তৰ দিলে, ব্ৰাহ্মণৰ বাক্য অলঙ্ঘ্য মই খণ্ডন কৰিব নোৱাৰোঁ। তথাপি মই তোমালোকক সোনকালে উদ্ধাৰ কৰিম। পৃথিৱীত গৈ মোক বৈৰী ভাৱে চিন্তা কৰি- বাহঁক৷ বিষ্ণুৰ কথা শুনি তেওঁবিলাক পৃথি[ ২৫ ] বীলৈ আহি কাশ্যপ মুনিৰ ঔৰসত দিতিৰ গৰ্ভত জন্ম ললেহি।

 যথা সময়ত দিতিৰ দুটি জঁজা সন্তান ভূমিস্থ হয়। লৰা দুটি দিনক দিনে চন্দ্ৰৰ কলাৰ দৰে বাঢ়িবলৈ ধৰিলে আৰু কালক্ৰমত দৈত্যবিলাকৰ ওপৰত ৰজা হয়। ভায়েকৰ নাম আছিল হিৰণ্যাক্ষ, ককায়েকৰ নাম হিৰণ্য কশিপু। ভায়েক হিৰণ্যাক্ষৰ প্ৰতাপত স্বৰ্গত দেৱতা সকলৰ নিস্তাৰ নোহোৱাত বিষ্ণুৱে বৰাহ ৰূপ ধৰি তেওঁক বধ কৰে। ভায়েকক হৰিয়ে বধ কৰ শুনি হিৰিণ্যকশিপু ভয়ানক হৰিবৈৰী হৈ উঠল।

 ভগৱন্তৰ অপাৰ মহিমা। দৈবক্ৰমে দৈত্য- ৰাজ হিৰণ্যকশিপুৰ এটি পুত্ৰ জন্ম হয়। সন্তানৰ নাম তেওঁ প্ৰহ্লাদ থলে। প্ৰহ্লাদ সৰুৰে পৰা বৰ চিন্তাশীল আছিল। তেওঁৰ হৃদয়ত জন্মৰে পৰা ভগৱানৰ ভক্তিৰ বীজ গজি উঠিছিল। শিশু অৱস্থাতে যেতিয়া তেওঁক আন আন লৰাছোৱালীৰ সৈতে উমলিবলৈ [ ২৬ ] দিয়া হৈছিল তেতিয়া তেওঁ আন লৰাছোৱা লীৰপৰা অলপ আঁতৰ হৈ মনে মনে হৰিনাম জপ কৰিছিল।

 পুতেকৰ এনে মতি-গতি দেখি বিষ্ণুবৈৰী দৈত্যৰাজ হিৰণ্যকশিপু বৰ দু:খিত হৈ প্ৰহ্লা দক গুৰুৰ ওচৰত লেখা-পঢ়া শিকিবলৈ দিলে। কিন্তু প্ৰহলাদৰ মন লেখা-পঢ়াত নহয়। যেতি য়াই গুৰুদেৱ কোনো কামত বাহিৰলৈ যায়, তেতিয়াই প্ৰহলাদে দৈত্যশিশুবিলাকক গোটাই লৈ হৰিগুণ-নাম-ৰস-পান কৰাইছিল। গুৰুৱে পঢ়িবলৈ কলে তেওঁ হৰিনামহে লৈছিল।

 পিতাকে এইবোৰ কথা গম পাই প্ৰহ্লা দক মতাই অনালে। সন্তানক কোলাত লৈ হিৰণ্য-কশিপুৰে কবলৈ ধৰিলে, বাচা, তুমি এইবোৰ কি কাম কৰিছা, যি বিষ্ণু মোৰ ভ্ৰাতৃবৈৰী; তুমি দেখোন গুৰুদেৱৰ কথা নুশুনি তেওঁকেই চিন্তা কৰিবলৈ লাগিছা।

 পিতাকৰ কথা শুনি প্ৰহ্লাদে কলে, [ ২৭ ] পিতা, এই চৰাচৰ জগতৰ প্ৰাণীৰ সৃজন কৰ্ত্তা নিৰঞ্জন হৰিত বিনা এই ভবসাগৰৰপৰা ত্ৰাণ কৰোঁতা কোনো নাই। তেওঁৰ অপাৰ মহিমা। তেওঁৰ কৰিব নোৱাৰা কাম একো নাই। এতেকে, পিতা, বৈৰীভাব ত্যাগ কৰক, হৰিত শৰণ লৈ সেই অৰুণ পাদপদ্ম চিন্তা কৰক।

 নিজৰ সন্তানৰ মুখত এনে কথা শুনি দৈত্য ৰাজ খঙ্গত গৰ্জ্জিবলৈ ধৰিলে। কটোৱালক মাতি প্ৰহ্লাদক নি বধ কৰিবলৈ আদেশ দিলে। আদেশ পাই কটোৱালহঁতে প্ৰহ্লাদক কাটিবলৈ লৈ গ'ল। প্ৰহ্লাদ নিৰ্ভয়চিত্তে হৰিনাম লৈ লৈ যাবলৈ ধৰিলে। শ্মশান পাই কটোৱালে প্ৰহ্লাদক ইষ্ট দেৱতাৰ নাম জপ কৰিবলৈ কলে; জপ কৰাৰ অন্তত প্ৰহ্লাদে কৰজোৰে প্ৰাৰ্থনা কৰি ৰ’ল। কটোৱালে প্ৰহ্লাদৰ গাত অস্ত্ৰ প্ৰহাৰ কৰিলে। কিন্তু কি আচৰিত! প্ৰহ্লাদৰ গাত পৰি অস্ত্ৰখন টুকুৰাটুকুৰ হ’ল। ভয় খাই কটোৱালহঁতে [ ২৮ ] ৰজাক জনোৱাত ৰজাই প্ৰহ্লাদক মাতি আনি কলে, কোৱাচোন, প্ৰহ্লাদ, তোমাক কোনে ৰক্ষা কৰিলে? প্ৰহ্লাদে উত্তৰ দিলে, পিতা, সেই পৰম পিতা পৰমেশ্বৰ হৰিয়ে ৰক্ষা নকৰিলে ৰক্ষা কৰোঁতা ইহ সংসাৰত কোন আছে? ব্ৰহ্মা আদি দেৱগণে যাৰ মহিমাৰ অন্ত নাপায় তেওঁক শক্ৰতা কৰিলে কি ফল আছে। এতেকে, প্ৰভু! বৈৰীভাৱ এৰি সেই পাদ-পদ্মত শৰণ লক।

 প্ৰহ্লাদৰ কথাত দৈত্যপতি অত্যন্ত কুপিত হৈ তেওঁক দঁতাল হাতীৰে গছকাই মাৰিবলৈ আদেশ দিলে। আদেশ পাই যম-কিঙ্কৰ-সদৃশ দৈত্য বিলাকে প্ৰহলাদক নি দঁতাল হাতীৰ আগত পেলাই দিলেগৈ। কিন্তু হৰিভক্তৰ ক'ত মৰণ আছে! দঁতাল হাতীয়ে প্ৰহ্লাদক পাই শুৰেৰে দাঙ্গি মূৰৰ ওপৰত তুলি ললে। তাকে দেখি অনুচৰবিলাকে ৰজাক জনোৱাত ৰজাই প্ৰহ্লাদক শিল বান্ধি সাগৰত পেলাই দিবলৈ ক’লে। ৰজাৰ কথাত দৈত্যবিলাকে [ ২৯ ] প্ৰহ্লাদক দিঙ্গিত শিল বান্ধ সাগৰত পেলাই দিলে। প্ৰহ্লাদৰ কিন্তু একোতে ভয় নাই, তেওঁ মনে মনে হৰিনাম লবলৈ ধৰিলে। ভগৱ- ন্তৰ স্তুতি গান গাই তেওঁ কৰজোৰে কবলৈ ধৰিলে, হে প্ৰভু! দাসক এই বিপদৰ পৰা ৰক্ষা কৰা। এদিন উপজিছোঁ যেতিয়া এদিন মৰিবই লাগিব; কিন্তু তোমাৰ যে অৰুণ চৰণত সেৱা কৰিবলৈ নাপাম এইটোহে দুখৰ কথা। কিন্তু হৰিৰ কি বিচিত্ৰ লীলা। তৎক্ষণাতে কলৈ গ’ল সেই প্ৰকাণ্ড শিল! ক’ত বা সেই ভৰি হাতৰ বান্ধন! প্ৰহ্লাদ সেই নীল সাগৰৰ মাজত এপাহ সোণৰ পদুমত বহি পাৰৰ ফাললৈ হৰিনাম লৈ লৈ আহিব লাগিছে। দৈত্যবিলাকে স্থিৰেৰে থাকিব নোৱাৰিলে। প্ৰহ্লাদ পাৰত নামিল। দৈত্য- বিলাকে তেওঁক বেৰি ধৰিলে আৰু তেওঁৰ লগতে হৰিনাম লৈ লৈ নগৰৰ ফালে খোজ ললে। গোটেই নগৰ হৰিধ্বনিৰে মুখৰিত হল। [ ৩০ ]  ইমানতো হিৰণ্যকশিপুৰ মোহান্ধ দূৰ নহল। তেওঁ নুবুজিলে যে হৰি ভক্তৰ জয় অনিবাৰ্য্য। তেওঁ মাত্ৰ চিন্তা কৰিলে প্ৰহ্লা- দক কেনেকৈ ধ্বংস কৰা যায়, আৰু এই চিন্তাটোৱেই তেওঁক ব্যাকুল কৰি তুলিলে।

 বুঢ়া মন্ত্ৰীক মাতি আনি হিৰণ্যকশিপুৱে কলে, মন্ত্ৰিবৰ, এনে এটা উপায় কৰক যাতে প্ৰহ্লাদৰ মৃত্যু হয় আৰু এই হৰিভক্ত দৈত্য বিলাকে উপযুক্ত শাস্তি পায়। সেয়ে নহলে মোৰ শান্তি নহয়, দিনে ৰাতিয়ে শত্ৰুৰ নাম শুনি মই পাগল হৈ উঠিছোঁ। এতেকে, হে জ্ঞান বৃদ্ধ, আপুনি ইয়াৰ এটি প্ৰতিকাৰ কৰক।

 মন্ত্ৰীয়ে কলে, মহাৰাজ, অনেক উপায় কৰিও প্ৰহ্লাদক বধ কৰিব পৰা নহল যেতিয়া মই আৰু একো উপায় দেখা নাই। তথাপি এটা কথা আছে যদি প্ৰহ্লাদৰ খোৱা বস্তুৰ লগত বিষ প্ৰয়োগ কৰি পৰা যায় তেনেহলে ইয়াতে প্ৰহ্লাদ আৰু সেই মায়াবী শ্ৰীকৃষ্ণ দুয়ো মৰিব। [ ৩১ ]   মন্ত্ৰীৰ কথাত সন্তোষ পাই ৰজাই প্ৰহ্লা- দক বিষ খুৱাই মাৰিবৰ ব্যৱস্থা কৰিলে। আৰু সেই উদ্দেশ্যে প্ৰহ্লাদক বন্দীশালত থৈ দিলে।

  প্ৰহ্লাদ বন্দী-শালত বহি হৰি নাম লৈ আছে। এনেতে পৰিচাৰিকা এজনীয়ে খোৱা বস্তু কিছুমান লৈ আনি প্ৰহ্লাদক সাদৰেৰে দি গলহি। প্ৰহ্লাদে বেচ বুজিছিল যে সেই আহাৰত নিশ্চয় বিষ মিহলোৱা আছে। কাৰণ কেতিয়াও প্ৰহ্লাদক তেনে ৰূপে মৰম কৰি আহাৰ কৰিবলৈ নিদিছল। প্ৰহ্লাদে ভাবিলে কতই কত সুন্দৰ বস্তুৰ নৈবিদ্য তেওঁক অৰ্পণ কৰে, কিন্তু মই এতিয়া তেওঁক এই বিষাক্ত অন্নহে দিব লগা হল,কি কৰা যায়৷ একো উপায় নাপাই কান্দি কান্দি সেই বিষাক্ত অন্নকেই প্ৰভুক নিবেদন কৰিলে।

  ভগৱান ভক্তাধীন। ভক্তই যি দিব তাকেই তেওঁ গ্ৰহন কৰে। তেওঁৰ মানত ভক্তৰ [ ৩২ ] চন্দন-লেপিত সুগন্ধি ফুল, আৰু বিষাক্ত অন্ন একেদ।

 ভক্তৰ কাতৰত কৰুণ মাত শুনি ভগৱান স্থিৰেৰে থাকিব নোৱাৰিলে। তেওঁ লৰা- লৰিকৈ আহি লৰাৰূপ ধৰি বন্দিশালত সোমাই নিজে প্ৰথমে গ্ৰহন কৰি নিজ হাতেৰে প্ৰহলাদক সেই অন্ন খুৱাই দিলে।

 ইপিনে দাসীয়ে ৰজাৰ আগত কোৱাত ৰজা আৰু মন্ত্ৰী দুয়ো প্ৰহ্লাদৰ মৃত দেহ চাবলৈ বন্দীশাললৈ আহিল। কিন্তু দেখি তেওঁ- বিলাক অবাক! প্ৰহলাদ বন্দীশালাৰ ভিত- ৰত আনন্দ মনেৰে বহি বিষাক্ত অন্ন ভোজন কৰিব লাগিছে।

 ৰজা আৰু স্থিৰেৰে থাকি নোৱৰিলে। তৎক্ষণাৎ বন্দীশালৰ দুৱাৰ মেলি প্ৰহ্লাদক আকোৱালি মাৰি ধৰি কৰে, বৎস। 'তুমি কেনেকৈ এই বিষাক্ত অন্ন খাই জী আছা? এতিয়াৰ সেই পাপিষ্ঠ হৰিয়েই তোমাৰ জীৱন ৰক্ষা কৰিলেনে কি? [ ৩৩ ]  হয়, পিতা, মোৰ হৰিয়েই মোক ৰক্ষা কৰিলে। আন কি তেওঁ মোৰ সৈতে একে- লগে আহাৰ কৰিছে। আপুনি তেওঁক দেখা নাইনে? ক্ৰোধৰ সমান পাপ জগতত নাই। তেওঁ পুনৰাই ক্ৰিধত হিতাহিতজ্ঞানশূন্য হৈ প্ৰহ্লাদক টানি বন্দীশালৰ পৰা উলিয়াই ৰাজ প্ৰাসাদলৈ লৈ গল।

 হিৰণ্যকশিপু প্ৰকৃততে পাগল হ’ল। তেওঁৰ জ্ঞান বুদ্ধি বিবেচনা সকলো লোপ পালে। ইপিনে গোটেই নগৰ জুৰি হৰি নামৰ প্ৰভাৱ বিস্তাৰি পৰিল। গতিকে তেওঁৰ দিনে দিনে পুত্ৰবধৰ চিন্তা বাঢ়িবলৈ ধৰিলে।

 একো উপায় নেদেখি হিৰণ্যকশিপুৱে এদিন প্ৰহ্লাদক মাতি পঠালে। প্ৰহ্লাদ আহি পালত ৰজাই কলে, প্ৰহ্লাদ, ই তোমাৰ কি ব্যৱহাৰ! পিতৃ-আজ্ঞা লঙ্ঘন কৰাই পুত্ৰৰ ধৰ্ম্ম নেকি? তোমাৰ হৰিয়ে ইয়াকে শিক্ষা দিয়েনে?

 অলপ পৰ নিৰৱে থাকি প্ৰহ্লাদে লাহে [ ৩৪ ] লাহে কলে, পিতা, আপোনাৰ আজ্ঞা অৱহেলা কৰা মোৰ ধৰ্ম্ম নহয়। মোৰ দয়াল হৰিৰো এইটো শিক্ষা নহয়। তেওঁৰ শিক্ষা হৈছে যি পিতৃৰো পিতৃ, মাতৃৰো মাতৃ, তেওঁৰ আজ্ঞা পালন কৰিবলৈ গৈ যদি পিতৃ-আজ্ঞাও লঙ্ঘন কৰিব লগা হয় তাকো কৰিব লাগিব। প্ৰহ্লাদৰ মুখত এনে কথা শুনি ৰজা স্তম্ভিত হৈ ৰ’ল। পিতাকক মনে মনে থকা দেখি প্ৰহ্লাদে পুনৰ বিনীত ভাৱে কবলৈ ধৰিলে, পিতা, হৰি দয়াময়! তেওঁ দয়াৰ আকৰ, ভক্তৰ কল্পতৰু, জ্ঞান আৰু বুদ্ধিৰ অধীশ্বৰ। তেওঁ ইচ্ছা কৰিলে ইন্দ্ৰৰ ইন্দ্ৰত্তও দিব পাৰে আৰু মন কৰিলে পথৰ ভিক্ষাৰীও কৰিব পাৰে। এতেকে হে পিতা, হৰিৰ নাম লক, তেওঁক একান্ত ভাৱে চিন্তা কৰক, তেওঁ আফোনাকো দয়া কৰিব।

 দৈত্যপতিয়ে খঙেৰে সুধিলে, বাৰু কচোন, প্ৰহ্লাদ তোৰ হৰিনো ক’ত আছে। প্ৰহ্লাদে ক’লে, পিতা, “যত্ৰ জীৱ স্তত্ৰ শিৱ।" এই বিশ্ব ব্ৰহ্মাণ্ডত গজ হস্তিৰপৰা বালিচাহিলৈকে, তৃণ [ ৩৫ ] তৰুৰপৰা গছলতালৈকে, নদনদীৰপৰা সাগৰ- সমুদ্ৰলৈকে চৰাচৰ যত বস্তু আছে মানে সকলোতেই তেওঁ আত্মাস্বৰূপে বিৰাজমান।

 দৈত্যেন্দ্ৰই সুধিলে, এই খুতাটোতো সংসাৰৰ বাহিৰৰ নহয়, তেনেহলে তোৰ হৰি ইয়াতো আছেনে? প্ৰহ্লাদে নিৰ্ভয় চিত্তে উত্তৰ দিলে, পিতা, আত্মাৰূপী নাৰায়ণ যেতিয়া চৰাচৰ সকলো জীৱজন্তুগছলতাদিতেই বিৰাজমান, তেতিয়া এই খুতাৰ ভিতৰত থকা- টো অসম্ভৱ নহয়। নিশ্চয় থাকিবই লাগে। প্ৰহ্লাদৰ কথা শুনি হিৰণ্যকশিপুৱে হাতৰ লোহাৰ গদাডালেৰে খুতাটো মাৰ মাৰি ভাঙি পেলালে। ভক্তৰ কথা ৰক্ষা কৰিবলৈ আৰু নিজ ভৃত্যক মুক্তি দিবলৈ ভগৱন্তই নৃসিংহৰূপ ধৰি তাৰ ভিতৰৰ পৰা ওলাই আহি হিৰণ্য- কশিপুক কোলাত তুলি লৈ পেটতো ফালি মাৰি পেলালে।

 বিষ্ণুৰ এনে বিৰাট মূৰ্ত্তি দেখি প্ৰহ্লাদে

স্তুতি গাবলৈ ধৰিলে — [ ৩৬ ]

ব্ৰহ্মা সিদ্ধ মুনি  আদিয়ে নপায়ে।
পূজিবে তোমাৰ পাব৷
কিবা স্তুতু নতি  কৰিবোঁহো আমি।
অক্ৰুৰ ক্ৰুৰ স্বভাৱ৷৷

 ** ** ** ** **
 ** ** ** ** **

তুমি জীৱ  তোমাক পূজিলে
মিলে আপোনাত বাই।
যেন মুখশ্ৰীক   প্ৰতিবিম্ব মুখে
দেখিয়া দৰ্পণ চাই॥
হেন জানি মই  মতি অনুসাৰে
ভজিলোঁ তোমাৰ পাৱ।
ব্ৰহ্মা-আদি যেন  ---৷
এৰিলোঁ---৷৷

 *** *** *** *** ***
 *** *** *** *** ***

[ ৩৭ ]

সমস্ত ভূতৰে  তুমি সে আতমা
হৃদয় পৰম গুৰু
তথাপি সেৱাৰ  অনুসাৰে কৃপা
কৰা যেন কল্পতৰু৷৷ ইত্যাদি

কীৰ্ত্তন

  •  * * * *

 স্বৰ্গত দেৱতাসকল ভয়ত অস্থিৰ। প্ৰহলাদৰ স্তুতি গানত সন্তুষ্ট হৈ বিষ্ণুয়ে নিজ মূৰ্ত্তি ধাৰণ কৰিলে। তেওঁ প্ৰহলাদক আশ্বাস দি গাত হাত ফুৰাই কবলৈ ধৰিলে, ধন্য প্ৰহ্লাদ তুমিয়েই মোৰ পৰম ভক্ত, তুমি মোৰ সমস্ত হৃদয় অধিকাৰ কৰিলা। তোমাৰ ভক্তিত মই যৎপৰোনাস্তি তুষ্ট। তুমি আৰু চিন্তা নকৰিবা। প্ৰহলাদে ভয়ত কপি কপি আধা ফুটা মাতেৰে, “প্ৰভু। প্ৰভু! দাসৰ অপৰাধ ক্ষমা কৰক, মই একো নাজানো, অজ্ঞান শিশু” বুলি কৰজোড় কৰি ৰ’ল।

 ভক্তাধীন ভাবাগ্ৰাহী জনাৰ্দ্দনৰ আৰু বুজিবলৈ বাকী নাথাকিল। তেওঁ পুনৰ [ ৩৮ ] প্ৰহ্লাদক আলিঙ্গন দি কলে, “বাছা, যি মোক একাগ্ৰচিত্তে চিন্তা কৰে, তেওঁৰ ক'তো ভয় নাই! ভক্তাধীন মই ভক্তৰ বাঞ্ছা পূৰণ কৰিবলৈ সদায় প্ৰস্তুত। তোমাৰ নিমিত্তে মই স্বৰ্গত দিব্য স্থান নিৰ্ম্মাণ কৰাইছোঁ। বাছা, নিৰ্ভয়ে পিতাই পুত্ৰ পালন কৰা দি ৰাজ্য শাসন কৰা। পিতাৰাৰ নিমিত্তে একো বেজাৰ নকৰিবা। তেওঁৰ সদগতি হ’ল; এতিয়া কি বৰ লাগে কোৱা।’ প্ৰহ্লাদে কলে — “প্ৰভু। মহা মহা ঋষি মুনি সকলে হেজাৰ হেজাৰ বছৰ তপস্যা কৰিও যাক পাব নোৱাৰে তেওঁ নিজেই আহি দাসক দেখা দিলেহি, ইয়াতকৈ আৰু সৌভাগ্যৰ বিষয় কি আছে? মই তোমাক আৰু কি খুজিম, প্ৰভু! তোমাতকৈ শ্ৰেষ্ঠ আৰু কি আছে। তুমি মোৰ আশাৰ ধন, হৃদয়ৰ দেৱতা; নোক একো নালাগে, প্ৰভু, কেৱল মাত্ৰ তুমি মোৰ প্ৰতি তুষ্ট হোৱা।”

 প্ৰহ্লাদৰ কথাত ভগৱন্ত তুষ্ট হৈ তেওঁক কলে, বাছা, তোমাৰ বংশত যত বংশধৰ জন্ম [ ৩৯ ] গ্ৰহণ কৰিব সকলোৱেই মোৰ পৰম ভক্ত হব। ইয়াকে কৈ ভগৱন্ত গৰুড়ত উঠি অন্তৰ্ধ্যান হ’ল। •প্ৰহ্লাদেও বহুকাল সুখেৰে ৰাজত্ব কৰি, বৃদ্ধ অৱস্থাত পুত্ৰ বিৰোচনক ৰাজ্য ভাৰ দি মৰণৰ সময়ত অনন্ত বিষ্ণুলোকৰ পৰা পঠোৱা দিব্য বিমানত উঠি অনন্তধাম বৈকুন্ঠলৈ অনন্ত কাললৈ বিদায় ললে।

______________________________________

 এইজনা মহাপুৰুষৰ বংশৰ ৰজাই আমাৰ আসাম দেশত ৰজা আছিল। এওঁৰ পুতেক বিৰোচন, বিৰোচনৰ পুতেক বলি, যাক বিষ্ণুৱে পাতালত বন্দী কৰি থৈছিল। বলিৰ পুতেক বান। বান ৰজাৰ ৰাজধানী পুৰণী সোণিতপুৰ বা বৰ্তমান তেজপুৰত আছিল। বান ৰজাৰ জীয়েক ঊষাক শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই হৰি নিছিল।

_______________

[ ৪০ ]

একলব্য।

 ৰামায়ণ ৰচনা কৰা মহামুনি বাল্মিকিৰ প্ৰিয় শিষ্য ভৰদ্বাজ মুনি। ভৰদ্বাজৰ পুত্ৰ দ্ৰোণ। পাঞ্চাল ৰজাৰ পুতেক দ্ৰুপদ লেখাপঢ়া শিকি- বলৈ ভৰদ্বাজ মুনিৰ আশ্ৰমত বাস কৰি- ছিলহি। আৰু তেতিয়াই তেওঁ আৰু দ্ৰোণ দুয়ো নলে-গলে-লগা বন্ধু হৈ পৰে। যেন একে মাকৰ দুটা লৰা। খাওঁতে দুয়ো, শোঁতে দুয়ো, সকলো সময়তে এটিক নেদেখিলে আনটি এখন্তেকো থাকিব নোৱাৰিছিল। কিন্তু কোনেও নেভাবিছিল যে এওঁবিলাক দুয়োৰ ভিতৰত কেতিয়াবা এৰাএৰি হ  লেখাপঢ়া শিকি দ্ৰুপদ ঘৰলৈ উলটি গ'ল। দ্ৰোণেও শিক্ষা সাঙ্গ কৰি বিয়া বাৰু কৰাই সংসাৰ পাতিলে। ইতিমধ্যে ভৰদ্বাজ মুনিৰ মৃত্যু হয়। পিতাকৰ মৃত্যুৰ পাচত দ্ৰোণে অতি কষ্টেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। [ ৪১ ]  সেই সময়তে পৰশুৰামে সকলো ধন সম্পত্তি দান কৰি বৈৰাগী হোৱা কথা শুনি, দ্ৰোণ তেওঁৰ ওচৰলৈ গৈ ভিক্ষা কৰিলে। কিন্তু ইতিমধ্যে তেওঁ সকলো ধন বস্তু দি বৈৰাগী হবলৈ আয়োজন কৰিছে। তেওঁৰ হাতত আছে মাত্ৰ ধেনুখন আৰু শৰপূৰ্ণ তূণটো।

 দ্ৰোণৰ কথা ৰাখি পৰশুৰামে তেওঁক সেই শৰ ধনুকে দান কৰিলে আৰু তাকে লৈ উলটি আহিল। বাটতে পাঞ্চাল ৰাজ্য। সেই সময়ত দ্ৰুপদ তাৰ ৰজা। তেওঁৰ বন্ধু ৰজা হোৱা জানি তেওঁ দ্ৰুপদৰ ওচৰলৈ গৈ পূৰ্ব্বৰ বন্ধুত্ব স্মৰণ কৰাই তেওঁৰ পৰা কিবা পাবৰ আশা কৰিলে। কিন্তু দ্ৰুপদে আগৰ কথা একেবাৰে পাহৰি পেলালে। আন কি দ্ৰোণক নিচিনা ভাৱে ৰাজ সভাৰ পৰা উলিয়াই দিলে।

 এনে কাৰ্য্য দেখি দ্ৰোণৰ মনত বৰ আঘাত লাগিল। অভিমানত চকুৰ পৰা টপ্ টপ্ কৰি পানী পৰিববলৈ ধৰিলে। খঙ্গত কপি কপি পুত্ৰ আস্বথামাৰ হাতত ধৰি লাহে [ ৪২ ] লাহে ৰাজসভাৰ পৰা ওলাই আহিল আৰু তাৰ উপযুক্ত প্ৰতিশোধ লবলৈ মনে মনে অঙ্গীকাৰ কৰিলে।

 কিন্তু তেওঁ বামুণ মানুহ, কেনেকৈ নিজে এইটো কৰিব। ভাবিলে উপযুক্ত শিষ্য তৈয়াৰ কৰি তাৰ হতুৱাই এই কাম কৰাব লাগিব। এই ভাবি তেওঁ হস্তিনাত থকা খুলখালিয়েক কৃপাচাৰ্য্যৰ ওচৰলৈ গল। কৃপাচাৰ্যই তেওঁক পাই বৰ সুখী হল। তেওঁৰ গুণৰ কথা তেওঁ ৰজাক জনালে। ৰজায়ো তেওঁৰ গুণত মুগ্ধ হৈ ৰাজকুমাৰ সকলক শিক্ষা দিবলৈ গুৰু পাতি দিলে।

 এইবাৰ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হল, তেওঁ শিষ্যবিলাকক মাতি কৰে, “মই তোমা- লোকক খুব ভালকৈ শিক্ষা দিম। মোৰ এটা দাৰুণ প্ৰতিজ্ঞা আছে তাক তোমালোকে পূৰ্ণ কৰিব পাৰিবানে?”

 গুৰুৰ দাৰুণ প্ৰতিজ্ঞাৰ কথা শুনি কোনোও প্ৰতিজ্ঞা কৰিবলৈ সাহ নকৰিলে। [ ৪৩ ] কিন্তু অর্জ্জুনে বুকু ফিন্দাই কলে, “মই প্রতিজ্ঞা কৰিছোঁ আপােনাৰ যেনে প্রতিজ্ঞা হক মই পূৰণ কৰিম।” অৰ্জ্জুনৰ কথা শুনি দ্রোণ বৰ সন্তুষ্ট হল। আৰু কোলাত লৈ চুমা খাই কলে “তােমাৰ প্রতিজ্ঞা শুনি মই বৰ সন্তুষ্ট হলোঁ, তুমিয়েই গুৰুৰ মান ৰাখিব পাৰিবা। ময়ো আজি প্রতিজ্ঞা কৰিছোঁ, মােৰ সকলো শিষ্যৰ ভিতৰত তোমাকেই সকলোতকৈ ডাঙ্গৰ শিষ্য কৰিম। তােমাক এনে বিদ্যা শিকাম যে জগতৰ ভিতৰত তুমি অদ্বিতীয় বীৰ আৰু যােদ্ধা হৈ উঠিবা। দ্রোণাচাৰ্য্যই ৰাজকুমাৰ বিলাকক যুদ্ধবিদ্যা শিকাবলৈ ধৰিলে। কিন্তু অৰ্জ্জুন দ্ৰোণাচাৰ্য্যৰ সকলো শিষ্যতকৈ প্ৰিয় হৈ উঠিল। আৰু সকলোতকৈ পৈণত হৈ উঠিল।

 হস্তিনাপুৰ নগৰৰ বাহিৰে হাবিৰ দাঁতিত এখন ব্যাধৰ গাওঁ আছিল৷ তাত হেজাৰ হেজাৰ ব্যাধ বাস কৰিছিল। এইবিলাক [ ৪৪ ] ব্যাধৰ হিৰণ্যধনু নামে এজন চৰ্দ্দাৰ আছিল। তেওঁক সকলো ব্যাধেই মান কৰিছিল, ভক্তি কৰিছিল, ভাল পাইছিল, আন কি তেওঁৰ কথাত প্রাণ পৰ্য্যন্ত দিব পাৰিছিল।

 আমাৰ একলব্য এই ব্যাধ চৰ্দ্দাৰ হিৰণ্য ধনুৰেই পুতেক। বাঘৰ পােৱালি বাঘ, বাপেক যেনে লৰাও তেনে হৈ উঠিল। সৰুৰে পৰা একলব্য বৰ সাহসী আছিল। অনেক কুস্তি কচৰৎ কৰিছিল। ধনুবিদ্যাত তেওঁ সকলো ব্যাধলবিলাকতকৈ বেচি পৈণত আছিল। উৰি যােৱা চৰাই পৰ্য্যন্ত তেওঁ কাঁৰ মাৰি নমাই আনিব পাৰিছিল।

 লাহে লাহে তেওঁৰ অস্ত্ৰশিক্ষাৰ আকাঙ্ক্ষা বাঢ়িবলৈ ধৰিলে। এনে সময়তে তেওঁ শুনিবলৈ পালে যে দ্রোণাচাৰ্য্য আহি হস্তিনাত নানাদেশৰ ৰাজপুত্র গােটাই অস্ত্ৰ-বিদ্যা-শিক্ষা দিছে। একলব্যই এই কথা শুনি দ্ৰোণৰ ওচৰলৈ যাবলৈ স্থিৰ কৰিলে। আৰু পিতৃ মাতৃৰ আজ্ঞা লৈ শিষ্য হৰৰ নিমিত্তে হস্তিনালৈ গল। [ ৪৫ ]  দ্ৰোণৰ সুখ্যাতি গােটেই দেশত জনাজাত হলত প্রায় সকলো দেশৰ ৰজা যােদ্ধাবিলাকে তেওঁলােকৰ লৰাবিলাকক আহি দ্ৰোণৰ ওচৰত শিক্ষাৰ নিমিত্তে থবলৈ ধৰিলে। দ্রোণেও তেওঁবিলাকক যত্নেৰে অস্ত্র-শিক্ষা দিবলৈ ধৰিলে।

 প্রায় দুপৰিয়া হৈছে। দ্রোণে শিষ্য বিলাকক লৈ অস্ত্র শিক্ষা কৰাইছে। ৰাতি পুৱাৰে পৰা শিক্ষা কৰাত তেওঁলােকৰ ভোক আৰু ভাগৰ লাগিছে। সকলােৱেই ঘৰলৈ যাবলৈ উৎসুক হৈ দুগুণ উৎসাহেৰে লাগি গৈছে।

 এনে সময়ত ক্রীড়াভূমিৰ এদাঁতিত এটা দিব্য নােদোকা লৰা ধেনুকাঁৰ লৈ উপস্থিত হৈ লৰাবিলাকৰ খেল চাবলৈ ধৰিলে।

 সেই দিনা খেলা হৈছিল, এটা খুটিৰ মূৰত এটা মাটিৰ চৰাই থৈ তাৰ দুহাত আঁতৰত এটা খুটিৰ ওপৰত এভাল লােহৰ আজঠি ৰখা হয়। লৰাবিলাকে সেই আজঠিৰ একৈশ হাত আঁতৰৰ পৰা শৰ মাৰি আজঠিৰ [ ৪৬ ] মাজেদি সৰকাই চৰাইটো বিন্ধিব লাগে। কোনাে এটি লৰায়ো বিন্ধিব নােৱাৰিলে। শেহত এটি সৰু লৰাই আঙ্গঠিৰ ভিতৰেদি পঠিয়ালে, কিন্তু চৰাইটো নৌ পাওঁতেই মাটিত পৰি গ'ল। একাষত ৰৈ থকা লৰাটিয়ে ঘপৰাই মাত লগালে, বেছেৰা সৰু লৰা, নেজানিলে, অলপ হােৱাহেতেনেই হলহেতেন।

  কথাষাৰ শুনি সকলােৱেই সেই পিনে চালে, আচাৰ্য্য য়াে চালে। দেখিলে ধেনু কাঁ‌ৰ লৈ এটা লৰা ঠিয় হৈ আছে।

 তেওঁ লৰাটোক ওচৰলৈ মাতি আনি সুধিলে, “তুমি পাৰিবানে?” লৰাটিয়ে তপৰাই মাত লগালে, “নিশ্চয় পাৰিম, এশ বাৰ পাৰিম।”

 আচাৰ্য্যই তেওঁক বিন্ধিবলৈ ক'লে। লৰাটিয়ে চকুৰ পচাৰতে আঙ্গঠিটোৰ মাজেদি সৰকাই চৰাইটো বিন্ধিলে। আচাৰ্যই অবাক হৈ সুধিলে, “তােমাৰ নাম কি?” লৰাটিয়ে উত্তৰ দিলে “একলব্য”। [ ৪৭ ]  ল'ৰাটিৰ চেহেৰা, নম্র স্বভাৱ, শিক্ষা আৰু মনােযােগ দেখি দ্ৰোণৰ দয়া উপজিল। এক- লব্যৰ ধনুর্ব্বিদ্যা শিকাৰ প্ৰৱল ইচ্ছা দেখি, তেওঁ অস্ত্র শিক্ষা দিবলৈ স্থিৰ কৰিলে, কিন্তু কথা বতৰা পাতি থাকোঁতে তেওঁ জানিব পাৰিলে যে তেওঁ ব্যাধ চৰ্দ্দাৰ হিৰণ্যধনুৰ পুত্র। তেওঁ তৎক্ষণাৎ কোঁচ খালে আৰু ভাবিলে, এই বিলাক সকলাে ৰাজকুমাৰ আৰু ডাঙ্গৰ মানুহৰ লৰা। তাতে আকৌ যদি মই এই নীচ ব্যাধৰ লৰাটোক শিষ্য কৰি লওঁ, তেন্তে মােক জগতে হাঁহিব। তথাপি লৰাটো দেখিলে মৰম লাগে। কি কৰিব একো উপাই নেদেখি একলব্যক মাতি সকলো কথা ভাঙ্গি পাতি কলে।

  দ্ৰোণৰ কথা শুনি অলপ পৰ তলকা মাৰি বৈ একলব্যই নিৰাশ মনেৰে ভাবিবলৈ ধৰিলে। কি হঠাৎ তেওঁৰ কানে কানে কৈ দিলে, “ভয় কি একলব্য", একান্তমনে চেষ্টা কৰিলে অসাধ্যও সাধন হয়। [ ৪৮ ]  একলব্যই আৰু একো নকলে। গুৰুক প্রণাম কৰি আশীর্বাদ লৈ মনৰ বেগত তাৰ পৰা বাহিৰ হল। ওলাই লৈয়েই ঘৰলৈ নগৈ তেওঁ মহাৰণ্যত প্রবেশ কৰি বিদ্যাৰ সাধনা আৰম্ভ কৰিলে।

 কিন্তু দিনৰ পাচত এদিন দ্রোণাচায্যৰ শিষ্য ৰাজকুমাৰবিলাক ঘোৰা, হাতী, কুকুৰ আদি লৈ মৃগয়ালৈ যাব। তেওঁবিলাক বেলেগ বেলেগ হৈ হাবিয়ে হাবিয়ে চিকাৰ বিছাৰি ফুৰিবলৈ ধৰিলে।

 তাৰে এজন হাবিয়ে হারিয়ে ঘুৰি ফুৰোতে এঠাইত তেওঁৰ কুকুৰটোৱে বৰকৈ ভুকিবলৈ ধৰিলে। উলটি চাই দেখে, গছ এজোপাৰ তলত মাটিৰে সজা তেওঁলােকৰ গুৰু দ্ৰোণৰ মূর্তি, আৰু তাৰ ওচৰতে ধেনুকাঁ‌ৰ লৈ এটি লৰা সন্যাসী বহি আছে। কুকুৰৰ ভুকনিত বিৰক্ত হৈ সন্যাসীয়ে লাহে লাহে ধেনুখন লৈ ইটোৰ পাচত সিটোকৈ সাতােটা শৰ মাৰি কুকুৰৰ মুখ বন্ধ কৰি পেলালে। [ ৪৯ ]  কাণ্ড দেখি ৰাজকুমাৰ অবাক হ'ল। উলটি গৈ বন্ধুবিলাকক ক’লত সকলো আশ্চৰ্য্য হৈ সন্যাসীক চাবলৈ গ'ল। দেখি শুনি অৰ্জ্জুনটো একাবাৰে হতভম্ব।

 সন্যাসীৰ ওচৰলৈ গৈ নম্রভাৱে সুধিলে, “তুমি এই বিদ্যা ক’ত শিকিলা, তােমাৰ গুৰু কোন?”

 সন্যাসীয়ে মিচিকিয়াই হাঁহি মাৰি কলে “চিনি পােৱা নাইনে, সেইয়া দ্রোণ গুৰু, তেওঁৱেই মােৰ গুৰু, তেওঁৰ ওচৰত মই ধনু- ৰ্ব্বিদ্যা শিকিছো।”

 সন্যাসীৰ কথা শুনি ৰাজকুমাৰবিলাক আচৰিত হ'ল। অৰ্জ্জুনৰটো কথাই নাই !

 বাকীবিলাক লৰাই অৰ্জ্জুনক ঠাট্টা কৰি বলৈ ধৰিলে। অহঙ্কাৰত ওফন্দি অৰ্জ্জুন গোঁ গোঁ‌ কৰে দ্ৰোণৰ ওচৰ পালেগৈ, আৰু সকলাে কথা কৈ বৰ দুঃখ কৰিলে। দ্রোণে শুনি অবাক হ’ল। কাকো নকৈ মনে মনে অৰ্জ্জু- নক লৈ সেই অৰণ্য পালেগৈ। একলব্যৰ [ ৫০ ] ওচৰ পাই দ্রোণে মনে মনে আঁ‌তৰৰ পৰা নিজৰ মূৰ্ত্তিটো চাই আছিল। এনেতে এক- লব্যৰ মন আনন্দত নাচি উঠিল। কিয় এনে হ’ল বুলি তেওঁ উঠি চাই দেখে অৰ্জ্জুনক লগত লৈ দ্রোণ দূৰত থিয় হৈ আছে। একলব্য লৰমাৰি গৈ তেওঁৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে “ধন্য গুৰু, ধন্য আপোনাৰ দয়া। "

 দ্রোণাচাৰ্য্যই কিছু পৰ বিস্ময় হৈ চাই থাকি শেহত পৰিচয় সুধিলে।

 সন্যাসীয়ে ক'লে “প্রভু মােক পাহৰিলেনে কি? মই সেই একলব্য, ব্যাধৰাজ হিৰণ্য ধনুৰ পুত্ৰ। মই ধনুর্ব্বান শিকিবলৈ হস্তিনালৈ গৈছিলোঁ। আপুনি নিশিকালে। মই বুজিব পৰা নাছিলোঁ, আপনি যে মােক ইমান দয়া কৰিছে। চাওক আপােনাৰ প্ৰতিমূৰ্ত্তিৰ তলত বহি একান্ত মনে ভাৱি পৰি ধনুর্ব্বইদ্যাৰ সকলো কৌশলকে শিকিছোঁ।

 অৰ্জ্জুনৰ, দ্ৰোণৰ ওপৰত আৰু সন্দেহ [ ৫১ ] নাথাকিল। কিন্তু মনৰ দুঃখ নুগুছিল। গুৰু ভক্তিৰ, গুৰুপদসেৱাৰ মহিমা চকুৰ আগত দেখি মনে মনে অনুতাপ কৰিবলৈ ধৰিলে।

 দ্রোণে অৰ্জ্জুনৰ মনৰ ভাব জানিব পাৰিলে। কিন্তু তেও কি কৰিব একো উপায় নেদেখিলে। অৱশেষত তেওঁ মনে মনে এটা বুদ্ধি পাতি একলব্যক কলে। “বাছা! তােমাৰ শিক্ষা সম্পূর্ণ হৈছে। সেই নিমিত্তে চাবলৈ আহিলোঁ। এতিয়া গুৰুৰ দক্ষিণা দি বিদায় দিয়া।"

 মহা আনন্দত একলব্যই কলে, “আজ্ঞা কৰক,প্রভু” কি লাগে। আপােনাৰ আশীৰ্ব্বাদত, আপােনাৰ দয়াত মই সকলে ধনুর্ব্বিদ্যা শিকিছো। জন্ম সার্থক হৈছে। গুৰু দক্ষিণা স্বৰূপে এতিয়া এই জীবন দিবলৈকো কাতৰ নহওঁ।

 একলব্যৰ এনে গুৰুভক্তি দেখি দ্ৰোণৰ মনত বৰ বেজাৰ লাগিল। তেওঁ নো কি উপাই অবলম্বন কৰিব। তেওঁ এতিয়া এনে [ ৫২ ] এটা উপাই কৰিব লাগিব যাতে প্রতিজ্ঞাও ৰয একলব্যৰো একো অনিষ্ট নহয়। এই ভাবি তেওঁ একলব্যক তেওঁৰ সো হাতৰ বুঢ়া আঙ্গুলিটো খুজিলে। একলব্যই একো নাভাবি তৎক্ষণাৎ নিজৰ হাতেৰেই বুঢ়া আঙ্গুলিটো কাটি গুৰুৰ হাতত সমর্পণ কৰি প্রণাম কৰিলে।

একলব্যৰ আৰু বুজিবলৈ বাকী নাথাকিল। মনত বিষম কষ্ট হল - গুৰু ভক্তিৰ ফলত তেওঁ বহু দিনৰ কষ্টৰ অৰ্জ্জন হেৰুৱালে। কিন্তু তেওঁ ভাবিলে-দয়াল গুৰুৱে যি কৰিছে, ভাললৈহে কৰিছে। মােৰ পক্ষে এয়ে ভাল।

 সেই ৰক্তৰঞ্জিত আঙ্গুলিটো হাতত লৈয়ে আচাৰ্য্যৰ বুকু কপি উঠিল। তাৰ এটোপা তেজে যেন তেওঁৰ বুকত শৰে বিন্ধাদি বিন্ধিছে। কিন্তু তথাপি তেওঁ সুখী। কাৰণ তেওঁৰ প্রতিজ্ঞা ৰক্ষা হল। চলে বলে, চাতুৰীয়ে একলব্যক ঠগি তেওঁ অৰ্জ্জুনকে ডাঙ্গৰ কৰি ৰাখিলে। [ ৫৩ ]  ধন্য একলব্য, ধন্য তােমাৰ গুৰু-ভক্তি! তুমি কি কোনাে দেৱৰ তনয় — সংসাৰক শিক্ষা দিবৰ নিমিত্তে চল কৰি পৃথিবীলৈ আহিছিলা? মানুহৰ গাত জানাে ইমান গুণ থকা সম্ভব!


সমাপ্ত।




প্রিন্টাৰ — শ্ৰীজয়কৃষ্ণ কৰ।
নিৰ্মলপ্রেস
৫৪নং সুকিয়া টি, কলিকাতা।}}

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )