পৃষ্ঠা:হেমহাৰ.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

লাজে, অপমানে, দুখে, সন্তাপে জৰ্জ্জৰিত হৈ এখোজ দোখোজকৈ তেওঁ মাকৰ অন্তঃপুৰলৈ খোজ ললে॥

 সপত্নীয়ে পুতেকক অপমান কৰি সিংহা সনত বহিবলৈ নিদিয়াৰ কথা দাসীৰ মুখে শুনিবলৈ পাই ৰাণী সুনীতি বেজাৰ মনেৰে মৌন হৈ বহি আছে। এনেতে ধ্ৰুব উচুপি উচুপি আহি মাকৰ ওচৰত ঠিয় হ'লহি।

 সকলো কথা জনা সত্ত্বেও মাকে ধ্ৰুবক উচুপি উচুপি কান্দি অহা দেখি সুধিলে, মইনা, তোমাৰ কি হল? তোমাক কোনোবাই কিবা কলেনে কি? মাকৰ কথা শুনি ধ্ৰুবে কান্দি কান্দি কলে মই পিতাৰ সিংহাসনত বহিবলৈ গৈছিলোঁ, মাহী আয়ে বহিবলৈ নিদি কিবা কিবি গালি পাৰি কলে বোলে—তুমি যেতিয়া মোৰ লৰা নোহাৱা এই সিংহাসনত বহিব নোৱাৰা। তপস্যাৰ বলেৰে যদি মোৰ লৰা হব পাৰা তেহে বহিবলৈ পাবা। পিতায়ো মাহী আইক একো নকলে ৷