পৃষ্ঠা:হেমহাৰ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
প্ৰহ্লাদ।

পিতা, এই চৰাচৰ জগতৰ প্ৰাণীৰ সৃজন কৰ্ত্তা নিৰঞ্জন হৰিত বিনা এই ভবসাগৰৰপৰা ত্ৰাণ কৰোঁতা কোনো নাই। তেওঁৰ অপাৰ মহিমা। তেওঁৰ কৰিব নোৱাৰা কাম একো নাই। এতেকে, পিতা, বৈৰীভাব ত্যাগ কৰক, হৰিত শৰণ লৈ সেই অৰুণ পাদপদ্ম চিন্তা কৰক।

 নিজৰ সন্তানৰ মুখত এনে কথা শুনি দৈত্য ৰাজ খঙ্গত গৰ্জ্জিবলৈ ধৰিলে। কটোৱালক মাতি প্ৰহ্লাদক নি বধ কৰিবলৈ আদেশ দিলে। আদেশ পাই কটোৱালহঁতে প্ৰহ্লাদক কাটিবলৈ লৈ গ'ল। প্ৰহ্লাদ নিৰ্ভয়চিত্তে হৰিনাম লৈ লৈ যাবলৈ ধৰিলে। শ্মশান পাই কটোৱালে প্ৰহ্লাদক ইষ্ট দেৱতাৰ নাম জপ কৰিবলৈ কলে; জপ কৰাৰ অন্তত প্ৰহ্লাদে কৰজোৰে প্ৰাৰ্থনা কৰি ৰ’ল। কটোৱালে প্ৰহ্লাদৰ গাত অস্ত্ৰ প্ৰহাৰ কৰিলে। কিন্তু কি আচৰিত! প্ৰহ্লাদৰ গাত পৰি অস্ত্ৰখন টুকুৰাটুকুৰ হ’ল। ভয় খাই কটোৱালহঁতে