সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ইচ্ছা সফল হব। এই বুলি কৈ নাৰদ মুনিয়ে ধ্ৰুবৰ ওচৰৰ পৰা বিদায় ললে।

 ধ্ৰুবৰ ওচৰৰ পৰা বিদায় লৈ নাৰদ মুনি ৰজা উত্তানপাদৰ নগৰ পালেগৈ। নাৰদক দেখি ৰজাই পাদ্যাদি দি সাদৰ সম্ভাষণ কৰি বহিবলৈ দিলে। ৰজাক বিষন্ন মনে থকা দেখি নাৰদে সুধিলে-মহাৰাজ, আপোনাৰ কি হৈছে? আপোনাক দেখোন বৰ বিষন্ন দেখিছোঁ। কিবা অৰ্থহানি হ’লনে কি। ৰজাই উত্তৰ দিলে, হে মুনিবৰ, মই তিৰোতাৰ বশবৰ্ত্তী পুৰুষ। তিৰোতাৰ কথা শুনি মই মোৰ ধ্ৰুব হেন স্নেহৰ পুতলিক বনত তপস্যা কৰিবলৈ এড়ি দিলোঁ। মই বৰ নিষ্ঠুৰ, মোৰ হৃদয়ত দয়াৰ কণা মাত্ৰও নাই।

 ৰজাৰ দুখ দেখি নাৰদে প্ৰবোধ দি কলে, মহাৰাজ, ধ্ৰুবৰ নিমিত্তে একো চিন্তা নকৰিব। তেওঁক দেৱতা সকলে ৰক্ষা কৰি আছে। ধ্ৰুবে জগতৰ অসাধ্য সাধন কৰি আপোনাৰ মুখ উজ্জ্বল কৰিব। এই দৰে নানা ৰকমে প্ৰবোধ দি