পৃষ্ঠা:হেমহাৰ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
হেমহাৰ

এটা উপাই কৰিব লাগিব যাতে প্ৰতিজ্ঞাও ৰয একলব্যৰো একো অনিষ্ট নহয়। এই ভাবি তেওঁ একলব্যক তেওঁৰ সো হাতৰ বুঢ়া আঙ্গুলিটো খুজিলে। একলব্যই একো নাভাবি তৎক্ষণাৎ নিজৰ হাতেৰেই বুঢ়া আঙ্গুলিটো কাটি গুৰুৰ হাতত সমৰ্পণ কৰি প্ৰণাম কৰিলে।

একলব্যৰ আৰু বুজিবলৈ বাকী নাথাকিল। মনত বিষম কষ্ট হল - গুৰু ভক্তিৰ ফলত তেওঁ বহু দিনৰ কষ্টৰ অৰ্জ্জন হেৰুৱালে। কিন্তু তেওঁ ভাবিলে-দয়াল গুৰুৱে যি কৰিছে, ভাললৈহে কৰিছে। মোৰ পক্ষে এয়ে ভাল।

 সেই ৰক্তৰঞ্জিত আঙ্গুলিটো হাতত লৈয়ে আচাৰ্য্যৰ বুকু কপি উঠিল। তাৰ এটোপা তেজে যেন তেওঁৰ বুকত শৰে বিন্ধাদি বিন্ধিছে। কিন্তু তথাপি তেওঁ সুখী। কাৰণ তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা হল। চলে বলে, চাতুৰীয়ে একলব্যক ঠগি তেওঁ অৰ্জ্জুনকে ডাঙ্গৰ কৰি ৰাখিলে।