সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
প্ৰহ্লাদ।

তৰুৰপৰা গছলতালৈকে, নদনদীৰপৰা সাগৰ- সমুদ্ৰলৈকে চৰাচৰ যত বস্তু আছে মানে সকলোতেই তেওঁ আত্মাস্বৰূপে বিৰাজমান।

 দৈত্যেন্দ্ৰই সুধিলে, এই খুতাটোতো সংসাৰৰ বাহিৰৰ নহয়, তেনেহলে তোৰ হৰি ইয়াতো আছেনে? প্ৰহ্লাদে নিৰ্ভয় চিত্তে উত্তৰ দিলে, পিতা, আত্মাৰূপী নাৰায়ণ যেতিয়া চৰাচৰ সকলো জীৱজন্তুগছলতাদিতেই বিৰাজমান, তেতিয়া এই খুতাৰ ভিতৰত থকা- টো অসম্ভৱ নহয়। নিশ্চয় থাকিবই লাগে। প্ৰহ্লাদৰ কথা শুনি হিৰণ্যকশিপুৱে হাতৰ লোহাৰ গদাডালেৰে খুতাটো মাৰ মাৰি ভাঙি পেলালে। ভক্তৰ কথা ৰক্ষা কৰিবলৈ আৰু নিজ ভৃত্যক মুক্তি দিবলৈ ভগৱন্তই নৃসিংহৰূপ ধৰি তাৰ ভিতৰৰ পৰা ওলাই আহি হিৰণ্য- কশিপুক কোলাত তুলি লৈ পেটতো ফালি মাৰি পেলালে।

 বিষ্ণুৰ এনে বিৰাট মূৰ্ত্তি দেখি প্ৰহ্লাদে স্তুতি গাবলৈ ধৰিলে —