সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
হেমহাৰ।

মাজেদি সৰকাই চৰাইটো বিন্ধিব লাগে। কোনো এটি লৰায়ো বিন্ধিব নোৱাৰিলে। শেহত এটি সৰু লৰাই আঙ্গঠিৰ ভিতৰেদি পঠিয়ালে, কিন্তু চৰাইটো নৌ পাওঁতেই মাটিত পৰি গ'ল। একাষত ৰৈ থকা লৰাটিয়ে ঘপৰাই মাত লগালে, বেছেৰা সৰু লৰা, নেজানিলে, অলপ হোৱাহেতেনেই হলহেতেন।

  কথাষাৰ শুনি সকলোৱেই সেই পিনে চালে, আচাৰ্য্য য়ো চালে। দেখিলে ধেনু কাঁ‌ৰ লৈ এটা লৰা ঠিয় হৈ আছে।

 তেওঁ লৰাটোক ওচৰলৈ মাতি আনি সুধিলে, “তুমি পাৰিবানে?” লৰাটিয়ে তপৰাই মাত লগালে, “নিশ্চয় পাৰিম, এশ বাৰ পাৰিম। ”

 আচাৰ্য্যই তেওঁক বিন্ধিবলৈ ক'লে। লৰাটিয়ে চকুৰ পচাৰতে আঙ্গঠিটোৰ মাজেদি সৰকাই চৰাইটো বিন্ধিলে। আচাৰ্যই অবাক হৈ সুধিলে, “তোমাৰ নাম কি?” লৰাটিয়ে উত্তৰ দিলে “একলব্য”।