পৃষ্ঠা:হেমহাৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
হেমহাৰ

প্ৰহ্লাদক আলিঙ্গন দি কলে, “বাছা, যি মোক একাগ্ৰচিত্তে চিন্তা কৰে, তেওঁৰ ক'তো ভয় নাই! ভক্তাধীন মই ভক্তৰ বাঞ্ছা পূৰণ কৰিবলৈ সদায় প্ৰস্তুত। তোমাৰ নিমিত্তে মই স্বৰ্গত দিব্য স্থান নিৰ্ম্মাণ কৰাইছোঁ। বাছা, নিৰ্ভয়ে পিতাই পুত্ৰ পালন কৰা দি ৰাজ্য শাসন কৰা। পিতাৰাৰ নিমিত্তে একো বেজাৰ নকৰিবা। তেওঁৰ সদগতি হ’ল; এতিয়া কি বৰ লাগে কোৱা। ’ প্ৰহ্লাদে কলে — “প্ৰভু। মহা মহা ঋষি মুনি সকলে হেজাৰ হেজাৰ বছৰ তপস্যা কৰিও যাক পাব নোৱাৰে তেওঁ নিজেই আহি দাসক দেখা দিলেহি, ইয়াতকৈ আৰু সৌভাগ্যৰ বিষয় কি আছে? মই তোমাক আৰু কি খুজিম, প্ৰভু! তোমাতকৈ শ্ৰেষ্ঠ আৰু কি আছে। তুমি মোৰ আশাৰ ধন, হৃদয়ৰ দেৱতা; নোক একো নালাগে, প্ৰভু, কেৱল মাত্ৰ তুমি মোৰ প্ৰতি তুষ্ট হোৱা। ”

 প্ৰহ্লাদৰ কথাত ভগৱন্ত তুষ্ট হৈ তেওঁক কলে, বাছা, তোমাৰ বংশত যত বংশধৰ জন্ম