পৃষ্ঠা:হেমহাৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
একলব্য।

 ল'ৰাটিৰ চেহেৰা, নম্ৰ স্বভাৱ, শিক্ষা আৰু মনোযোগ দেখি দ্ৰোণৰ দয়া উপজিল। এক- লব্যৰ ধনুৰ্ব্বিদ্যা শিকাৰ প্ৰৱল ইচ্ছা দেখি, তেওঁ অস্ত্ৰ শিক্ষা দিবলৈ স্থিৰ কৰিলে, কিন্তু কথা বতৰা পাতি থাকোঁতে তেওঁ জানিব পাৰিলে যে তেওঁ ব্যাধ চৰ্দ্দাৰ হিৰণ্যধনুৰ পুত্ৰ। তেওঁ তৎক্ষণাৎ কোঁচ খালে আৰু ভাবিলে, এই বিলাক সকলো ৰাজকুমাৰ আৰু ডাঙ্গৰ মানুহৰ লৰা। তাতে আকৌ যদি মই এই নীচ ব্যাধৰ লৰাটোক শিষ্য কৰি লওঁ, তেন্তে মোক জগতে হাঁহিব। তথাপি লৰাটো দেখিলে মৰম লাগে। কি কৰিব একো উপাই নেদেখি একলব্যক মাতি সকলো কথা ভাঙ্গি পাতি কলে।

  দ্ৰোণৰ কথা শুনি অলপ পৰ তলকা মাৰি বৈ একলব্যই নিৰাশ মনেৰে ভাবিবলৈ ধৰিলে। কি হঠাৎ তেওঁৰ কানে কানে কৈ দিলে, “ভয় কি একলব্য", একান্তমনে চেষ্টা কৰিলে অসাধ্যও সাধন হয়।