পৃষ্ঠা:হেমহাৰ.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

 সুনীতিৰ আৰু বেজাৰৰ সীমা নাথাকিল। তেওঁৰ হৃদয়ত শোকৰূপ দাবানল জ্বলিবলৈ ধৰিলে। কমল সদৃশ চকুজুৰিয়েদি চকুলো বৈ আহিল। দীঘল হুমুনিয়াহ এটা কাঢ়ি তেওঁ কবলৈ ধৰিলে—বাছা, মাহীয়াই যি কৈছে সি সকলো সঁচা। মই অভাগিনী, পিতাৰাই মোক ভাৰ্য্যা বুলি কবলৈকে লাজ পায়৷ তুমি মোৰ পুত্ৰ হৈ জন্ম লোৱাই বৃথা হৈছে৷ কিন্তু তুমি যদি তপস্যা কৰি সেই পদ্মপলাশলোচন হৰিক তুষ্ট কৰিব পাৰা তেনেহলে তোমাক তেওঁ এই তুচ্ছ সিংহাসনতকৈয়ো মূল্যবান বস্তু দিব পাৰে। তেওঁৱেই এই জোন, বেলি, গ্ৰহ, নক্ষত্ৰ, হীৰা, মণি, মৰকত, পৰ্ব্বত, গছলতাদি সৃজন কৰিছে।

 মাকৰ মুখত তপস্যা কৰাৰ কথা শুনি ধ্ৰুবৰ হিয়াত সেই ভাৱ দকৈ বহি গল। তেওঁ সেই দিনা ৰাতি ভাবি চিন্তি শুই থাকিল। পাচ দিলা ৰাতিপুৱা জননীক সেৱা সৎকাৰ কৰি তেওঁ তপস্যাৰ কাৰণে ওলাই গল ৷