পৃষ্ঠা:হেমহাৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
হেমহাৰ।

দিয়া হৈছিল তেতিয়া তেওঁ আন লৰাছোৱা লীৰপৰা অলপ আঁতৰ হৈ মনে মনে হৰিনাম জপ কৰিছিল।

 পুতেকৰ এনে মতি-গতি দেখি বিষ্ণুবৈৰী দৈত্যৰাজ হিৰণ্যকশিপু বৰ দু:খিত হৈ প্ৰহ্লা দক গুৰুৰ ওচৰত লেখা-পঢ়া শিকিবলৈ দিলে। কিন্তু প্ৰহলাদৰ মন লেখা-পঢ়াত নহয়। যেতি য়াই গুৰুদেৱ কোনো কামত বাহিৰলৈ যায়, তেতিয়াই প্ৰহলাদে দৈত্যশিশুবিলাকক গোটাই লৈ হৰিগুণ-নাম-ৰস-পান কৰাইছিল। গুৰুৱে পঢ়িবলৈ কলে তেওঁ হৰিনামহে লৈছিল।

 পিতাকে এইবোৰ কথা গম পাই প্ৰহ্লা দক মতাই অনালে। সন্তানক কোলাত লৈ হিৰণ্য-কশিপুৰে কবলৈ ধৰিলে, বাচা, তুমি এইবোৰ কি কাম কৰিছা, যি বিষ্ণু মোৰ ভ্ৰাতৃবৈৰী; তুমি দেখোন গুৰুদেৱৰ কথা নুশুনি তেওঁকেই চিন্তা কৰিবলৈ লাগিছা।

 পিতাকৰ কথা শুনি প্ৰহ্লাদে কলে,