পৃষ্ঠা:হেমহাৰ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
হেমহাৰ।

ৰজাক জনোৱাত ৰজাই প্ৰহ্লাদক মাতি আনি কলে, কোৱাচোন, প্ৰহ্লাদ, তোমাক কোনে ৰক্ষা কৰিলে? প্ৰহ্লাদে উত্তৰ দিলে, পিতা, সেই পৰম পিতা পৰমেশ্বৰ হৰিয়ে ৰক্ষা নকৰিলে ৰক্ষা কৰোঁতা ইহ সংসাৰত কোন আছে? ব্ৰহ্মা আদি দেৱগণে যাৰ মহিমাৰ অন্ত নাপায় তেওঁক শক্ৰতা কৰিলে কি ফল আছে। এতেকে, প্ৰভু! বৈৰীভাৱ এৰি সেই পাদ-পদ্মত শৰণ লক।

 প্ৰহ্লাদৰ কথাত দৈত্যপতি অত্যন্ত কুপিত হৈ তেওঁক দঁতাল হাতীৰে গছকাই মাৰিবলৈ আদেশ দিলে। আদেশ পাই যম-কিঙ্কৰ-সদৃশ দৈত্য বিলাকে প্ৰহলাদক নি দঁতাল হাতীৰ আগত পেলাই দিলেগৈ। কিন্তু হৰিভক্তৰ ক'ত মৰণ আছে! দঁতাল হাতীয়ে প্ৰহ্লাদক পাই শুৰেৰে দাঙ্গি মূৰৰ ওপৰত তুলি ললে। তাকে দেখি অনুচৰবিলাকে ৰজাক জনোৱাত ৰজাই প্ৰহ্লাদক শিল বান্ধি সাগৰত পেলাই দিবলৈ ক’লে। ৰজাৰ কথাত দৈত্যবিলাকে