পৃষ্ঠা:হেমহাৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
হেমহাৰ

পণ্ডিতক দিবলৈ আমাৰ কি আছে? তোমাৰ মধুসূদন দাদাৰক সুধিবা তেৱেই কি হয় এটা উপায় দিব। এই বুলি কোৱাত সেই দিনা ৰাতি খাই বৈ শুই থাকি পাচ দিনা ৰাতিপুৱা উঠি কিতাপ ফলি লৈ পঢ়াশালীলৈ ওলাই গৈ যেতিয়া হাবি ডোখৰ পালেগৈ তেতিয়া তেওঁ মধুসূদন দাদাকক মাতিলে। জটিলৰ মাত শুনি মধুসূদন দাদাকো আহি তেওঁৰ ওচৰত ঠিয় হলত জটিলে কলে, দাদা, পণ্ডিতে শ্ৰাদ্ধ নিমিত্তে কিবা কিবি খুজি পঠাইছে। জটিলৰ কথা শুনি ভগৱন্তই তেওঁৰ মুখত চুমা এটা দি কলে, ‘ভাইটি, তুমি পণ্ডিতক কবাগৈ বুলি মই গাখীৰ দিব পৰিম”। এই বুলি কৈ মধুসূদনে জটিলক পঢ়াশালীৰ ওচৰত, আগবঢ়াই থৈ আহিলগৈ। জটিলেও মধুসূদনে কোৱা মতে পণ্ডিতৰ আগত গাখীৰ দিব পাৰিম বুলি গাত ল’লে।

 এদিন দুদিনকৈ পূৰ্ণিমা পালেহি। পণ্ডিতৰ ঘৰত শ্ৰাদ্ধৰ ধুমধাম। ছাতৰবোৰৰ ভিতৰত