পৃষ্ঠা:হেমহাৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৮
হেমহাৰ।

 একলব্যই আৰু একো নকলে। গুৰুক প্রণাম কৰি আশীর্বাদ লৈ মনৰ বেগত তাৰ পৰা বাহিৰ হল। ওলাই লৈয়েই ঘৰলৈ নগৈ তেওঁ মহাৰণ্যত প্রবেশ কৰি বিদ্যাৰ সাধনা আৰম্ভ কৰিলে।

 কিন্তু দিনৰ পাচত এদিন দ্রোণাচায্যৰ শিষ্য ৰাজকুমাৰবিলাক ঘোৰা, হাতী, কুকুৰ আদি লৈ মৃগয়ালৈ যাব। তেওঁবিলাক বেলেগ বেলেগ হৈ হাবিয়ে হাবিয়ে চিকাৰ বিছাৰি ফুৰিবলৈ ধৰিলে।

 তাৰে এজন হাবিয়ে হারিয়ে ঘুৰি ফুৰোতে এঠাইত তেওঁৰ কুকুৰটোৱে বৰকৈ ভুকিবলৈ ধৰিলে। উলটি চাই দেখে, গছ এজোপাৰ তলত মাটিৰে সজা তেওঁলােকৰ গুৰু দ্ৰোণৰ মূর্তি, আৰু তাৰ ওচৰতে ধেনুকাঁ‌ৰ লৈ এটি লৰা সন্যাসী বহি আছে। কুকুৰৰ ভুকনিত বিৰক্ত হৈ সন্যাসীয়ে লাহে লাহে ধেনুখন লৈ ইটোৰ পাচত সিটোকৈ সাতােটা শৰ মাৰি কুকুৰৰ মুখ বন্ধ কৰি পেলালে।