সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
হেমহাৰ।

ওচৰ পাই দ্ৰোণে মনে মনে আঁ‌তৰৰ পৰা নিজৰ মূৰ্ত্তিটো চাই আছিল। এনেতে এক- লব্যৰ মন আনন্দত নাচি উঠিল। কিয় এনে হ’ল বুলি তেওঁ উঠি চাই দেখে অৰ্জ্জুনক লগত লৈ দ্ৰোণ দূৰত থিয় হৈ আছে। একলব্য লৰমাৰি গৈ তেওঁৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে “ধন্য গুৰু, ধন্য আপোনাৰ দয়া। "

 দ্ৰোণাচাৰ্য্যই কিছু পৰ বিস্ময় হৈ চাই থাকি শেহত পৰিচয় সুধিলে।

 সন্যাসীয়ে ক'লে “প্ৰভু মোক পাহৰিলেনে কি? মই সেই একলব্য, ব্যাধৰাজ হিৰণ্য ধনুৰ পুত্ৰ। মই ধনুৰ্ব্বান শিকিবলৈ হস্তিনালৈ গৈছিলোঁ। আপুনি নিশিকালে। মই বুজিব পৰা নাছিলোঁ, আপনি যে মোক ইমান দয়া কৰিছে। চাওক আপোনাৰ প্ৰতিমূৰ্ত্তিৰ তলত বহি একান্ত মনে ভাৱি পৰি ধনুৰ্ব্বইদ্যাৰ সকলো কৌশলকে শিকিছোঁ।

 অৰ্জ্জুনৰ, দ্ৰোণৰ ওপৰত আৰু সন্দেহ