সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
একলব্য।

 কাণ্ড দেখি ৰাজকুমাৰ অবাক হ'ল। উলটি গৈ বন্ধুবিলাকক ক’লত সকলো আশ্চৰ্য্য হৈ সন্যাসীক চাবলৈ গ'ল। দেখি শুনি অৰ্জ্জুনটো একাবাৰে হতভম্ব।

 সন্যাসীৰ ওচৰলৈ গৈ নম্ৰভাৱে সুধিলে, “তুমি এই বিদ্যা ক’ত শিকিলা, তোমাৰ গুৰু কোন?”

 সন্যাসীয়ে মিচিকিয়াই হাঁহি মাৰি কলে “চিনি পোৱা নাইনে, সেইয়া দ্ৰোণ গুৰু, তেওঁৱেই মোৰ গুৰু, তেওঁৰ ওচৰত মই ধনু- ৰ্ব্বিদ্যা শিকিছো। ”

 সন্যাসীৰ কথা শুনি ৰাজকুমাৰবিলাক আচৰিত হ'ল। অৰ্জ্জুনৰটো কথাই নাই!

 বাকীবিলাক লৰাই অৰ্জ্জুনক ঠাট্টা কৰি বলৈ ধৰিলে। অহঙ্কাৰত ওফন্দি অৰ্জ্জুন গোঁ গোঁ‌ কৰে দ্ৰোণৰ ওচৰ পালেগৈ, আৰু সকলো কথা কৈ বৰ দুঃখ কৰিলে। দ্ৰোণে শুনি অবাক হ’ল। কাকো নকৈ মনে মনে অৰ্জ্জু- নক লৈ সেই অৰণ্য পালেগৈ। একলব্যৰ