পৃষ্ঠা:হেমহাৰ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
হেমহাৰ।

লাহে কলে, পিতা, আপোনাৰ আজ্ঞা অৱহেলা কৰা মোৰ ধৰ্ম্ম নহয়। মোৰ দয়াল হৰিৰো এইটো শিক্ষা নহয়। তেওঁৰ শিক্ষা হৈছে যি পিতৃৰো পিতৃ, মাতৃৰো মাতৃ, তেওঁৰ আজ্ঞা পালন কৰিবলৈ গৈ যদি পিতৃ-আজ্ঞাও লঙ্ঘন কৰিব লগা হয় তাকো কৰিব লাগিব। প্ৰহ্লাদৰ মুখত এনে কথা শুনি ৰজা স্তম্ভিত হৈ ৰ’ল। পিতাকক মনে মনে থকা দেখি প্ৰহ্লাদে পুনৰ বিনীত ভাৱে কবলৈ ধৰিলে, পিতা, হৰি দয়াময়! তেওঁ দয়াৰ আকৰ, ভক্তৰ কল্পতৰু, জ্ঞান আৰু বুদ্ধিৰ অধীশ্বৰ। তেওঁ ইচ্ছা কৰিলে ইন্দ্ৰৰ ইন্দ্ৰত্তও দিব পাৰে আৰু মন কৰিলে পথৰ ভিক্ষাৰীও কৰিব পাৰে। এতেকে হে পিতা, হৰিৰ নাম লক, তেওঁক একান্ত ভাৱে চিন্তা কৰক, তেওঁ আফোনাকো দয়া কৰিব।

 দৈত্যপতিয়ে খঙেৰে সুধিলে, বাৰু কচোন, প্ৰহ্লাদ তোৰ হৰিনো ক’ত আছে। প্ৰহ্লাদে ক’লে, পিতা, “যত্ৰ জীৱ স্তত্ৰ শিৱ। " এই বিশ্ব ব্ৰহ্মাণ্ডত গজ হস্তিৰপৰা বালিচাহিলৈকে, তৃণ