পৃষ্ঠা:হেমহাৰ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
প্ৰহ্লাদ

গ্ৰহণ কৰিব সকলোৱেই মোৰ পৰম ভক্ত হব। ইয়াকে কৈ ভগৱন্ত গৰুড়ত উঠি অন্তৰ্ধ্যান হ’ল। •প্ৰহ্লাদেও বহুকাল সুখেৰে ৰাজত্ব কৰি, বৃদ্ধ অৱস্থাত পুত্ৰ বিৰোচনক ৰাজ্য ভাৰ দি মৰণৰ সময়ত অনন্ত বিষ্ণুলোকৰ পৰা পঠোৱা দিব্য বিমানত উঠি অনন্তধাম বৈকুন্ঠলৈ অনন্ত কাললৈ বিদায় ললে।

______________________________________

 এইজনা মহাপুৰুষৰ বংশৰ ৰজাই আমাৰ আসাম দেশত ৰজা আছিল। এওঁৰ পুতেক বিৰোচন, বিৰোচনৰ পুতেক বলি, যাক বিষ্ণুৱে পাতালত বন্দী কৰি থৈছিল। বলিৰ পুতেক বান। বান ৰজাৰ ৰাজধানী পুৰণী সোণিতপুৰ বা বৰ্তমান তেজপুৰত আছিল। বান ৰজাৰ জীয়েক ঊষাক শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই হৰি নিছিল।

_______________