সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঠাব পাৰে। বহুত পৰ বেজাৰ মনেৰে ভাবি চিন্তি অবশেষত কলে,—সোণাই, নাকান্দিবা, মই বিধবা আৰু তাতে বৰ দুখীয়া। তোমাৰ লগত পঠিয়াবলৈ মোৰ কোনো নাই। তুমি বাৰু নাকান্দিবাচোন। চৰাচৰ প্ৰাণীৰ সৃজনকৰ্ত্তা পৰমেশ্বৰ মধুসূদনত বাজে তোমাৰ সহায় কৰোঁতা আৰু কোনো নাই। তেওঁ মৰমিয়াল। তুমি তেওঁক মাতিলেই তেওঁ তোমাক নি পঢ়াশালীত থৈ আহিবগৈ। তুমি বাৰু কাইলৈ হাবি পালেই মধুসূদন দাদা বুলি মাতিবাচোন।

 পাচ দিনা ৰাতিপুৱা যেতিয়া জটিল পঢ়াশালীলৈ গ’ল সেই হাবি ডোখৰ পায়েই মাকৰ কথা মতে মধুসূদন দাদা, ঔ! মধুসূদন দাদা ঔ! বুলি কেবা বাৰো চিঞৰি মতাত ভক্তৰ কৰুণ মাতত ভগৱন্ত স্থিৰেৰে থাকিব নোৱাৰি ভক্তৰ কথা ৰাখিবলৈ জটিলৰ আগত ঠিয় হ’লহি। আৰু তেওঁক নি পঢ়াশালীত থৈ আহিলগৈ। এনেকৈয়ে সদায় জটিলে হাবি ডোখৰ পায়েই