পৃষ্ঠা:হেমহাৰ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

 গৈ গৈ এখন বৰ অতব্য অৰণ্য পালেগৈ। হিংস্ৰ্ৰ জন্তু থকা সত্ত্বেও তেওঁ নিৰ্ভয় চিত্তে হাবিয়ে হাবিয়ে যাবলৈ ধৰিলে। তেওঁ গৈ এজোপা প্ৰকাণ্ড গছৰ তলতে তপস্যাৰ কাৰণে বহি ললে। এনেতে নাৰদ মুনি, সম্বন্ধত ধ্ৰুবৰ ককাক, আহি তেওঁক ক'লে—বাছা, তুমি কিয় এনে কঠোৰ তপস্যা কৰিবলৈ আহিছা? এই কোমল বয়সত তোমাৰ এনে কাৰ্য্যই নুশুৱায়। ঘৰলৈ গৈ লিখা পঢ়া কৰি পিতৃ মাতৃৰ মনত সন্তোষ দিয়াগৈ। এই দৰে নাৰদ মুনিয়ে তেওঁক নানা প্ৰকাৰ বুজনি দিলে। কিন্তু ধ্ৰুবৰ হিয়া অটল। তেওঁ কোনোমতেই ঘৰলৈ উলটি যাবলৈ মান্তি নহল।

 ধ্ৰুবক কোনোমতেই বুজাব নোৱাৰা যেন দেখি নাৰদে অৱশেষত সেই নিৰঞ্জন, নিৰাকাৰ, নিৰ্গুণ পৰমেশ্বৰৰ ৰূপ বৰ্ণনা কৰি কলে,—বাছা, এই ঠাই তপস্যাৰ উপযুক্ত ঠাই নহয়। যমুনাৰ ওচৰত মধুবন নামেৰে এখন বন আছে। তাতে তুমি এই হৰিৰ ৰূপ চিন্তা কৰা গৈ ৷ তোমাৰ