সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
হেমহাৰ।

দাদানো কত থাকে, তুমি মোক তেওঁক দেখুৱাই দিব পাৰিবানে? জটিলে ৰংমনেৰে কলে, মহাশয়, তেওঁ আমাৰ ঘৰৰ ওচৰৰ হাবিতে থাকে। কাইলৈ পুৱা মোৰ লগত গলে মই দাদাক দেখুৱাই দিব পাৰিম। জটিলৰ কথা শুনি পণ্ডিত বিস্মিত হৈ সেই দিনা থাকি পাচ দিনা ৰাতিপুৱা মধুসূদনক চাবলৈ যাম বুলি কৈ জটিলক বিদায় দিলে।

 পাচ দিনা ৰাতিপুৱাই পণ্ডিত গৈ জটিলৰ ঘৰ পাই জটিলৰ মাকৰ আগত সকলো কথা কোৱাত মাকো যাবলৈ ওলাল। গা-পা ধুই ধৌত বস্ত্ৰ পিন্ধি জটিল জটিলৰ মাক আৰু পণ্ডিত তিনিও হাবি ডোখৰলৈ আহিল। হাবিৰ ওচৰ পায়েই জটিলে মধুসূদন দাদা, মধুসূদন দাদা, বুলি কেবাবাৰো মতাত ভক্তৰ মান ৰক্ষা কৰিবলৈ জটিলৰ মধুসূদন দাদা প্ৰভু ভগৱন্ত তেওঁলোক তিনিওৰে আগত ঠিয় হ’লহি। নবঘনশ্যাম, শঙ্খচক্ৰমুৰুলীধাৰী, মদন মোহন বিষ্ণুৰ ৰূপ দেখি পণ্ডিত আৰু জটিলৰ মাকৰ