পৃষ্ঠা:হেমহাৰ.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৪
হেমহাৰ।

ব্যাধৰ হিৰণ্যধনু নামে এজন চৰ্দ্দাৰ আছিল। তেওঁক সকলো ব্যাধেই মান কৰিছিল, ভক্তি কৰিছিল, ভাল পাইছিল, আন কি তেওঁৰ কথাত প্রাণ পৰ্য্যন্ত দিব পাৰিছিল।

 আমাৰ একলব্য এই ব্যাধ চৰ্দ্দাৰ হিৰণ্য ধনুৰেই পুতেক। বাঘৰ পােৱালি বাঘ, বাপেক যেনে লৰাও তেনে হৈ উঠিল। সৰুৰে পৰা একলব্য বৰ সাহসী আছিল। অনেক কুস্তি কচৰৎ কৰিছিল। ধনুবিদ্যাত তেওঁ সকলো ব্যাধলবিলাকতকৈ বেচি পৈণত আছিল। উৰি যােৱা চৰাই পৰ্য্যন্ত তেওঁ কাঁৰ মাৰি নমাই আনিব পাৰিছিল।

 লাহে লাহে তেওঁৰ অস্ত্ৰশিক্ষাৰ আকাঙ্ক্ষা বাঢ়িবলৈ ধৰিলে। এনে সময়তে তেওঁ শুনিবলৈ পালে যে দ্রোণাচাৰ্য্য আহি হস্তিনাত নানাদেশৰ ৰাজপুত্র গােটাই অস্ত্ৰ-বিদ্যা-শিক্ষা দিছে। একলব্যই এই কথা শুনি দ্ৰোণৰ ওচৰলৈ যাবলৈ স্থিৰ কৰিলে। আৰু পিতৃ মাতৃৰ আজ্ঞা লৈ শিষ্য হৰৰ নিমিত্তে হস্তিনালৈ গল।