সমললৈ যাওক

পৃষ্ঠা:হেমহাৰ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
একলব্য।

 সেই সময়তে পৰশুৰামে সকলো ধন সম্পত্তি দান কৰি বৈৰাগী হোৱা কথা শুনি, দ্ৰোণ তেওঁৰ ওচৰলৈ গৈ ভিক্ষা কৰিলে। কিন্তু ইতিমধ্যে তেওঁ সকলো ধন বস্তু দি বৈৰাগী হবলৈ আয়োজন কৰিছে। তেওঁৰ হাতত আছে মাত্ৰ ধেনুখন আৰু শৰপূৰ্ণ তূণটো।

 দ্ৰোণৰ কথা ৰাখি পৰশুৰামে তেওঁক সেই শৰ ধনুকে দান কৰিলে আৰু তাকে লৈ উলটি আহিল। বাটতে পাঞ্চাল ৰাজ্য। সেই সময়ত দ্ৰুপদ তাৰ ৰজা। তেওঁৰ বন্ধু ৰজা হোৱা জানি তেওঁ দ্ৰুপদৰ ওচৰলৈ গৈ পূৰ্ব্বৰ বন্ধুত্ব স্মৰণ কৰাই তেওঁৰ পৰা কিবা পাবৰ আশা কৰিলে। কিন্তু দ্ৰুপদে আগৰ কথা একেবাৰে পাহৰি পেলালে। আন কি দ্ৰোণক নিচিনা ভাৱে ৰাজ সভাৰ পৰা উলিয়াই দিলে।

 এনে কাৰ্য্য দেখি দ্ৰোণৰ মনত বৰ আঘাত লাগিল। অভিমানত চকুৰ পৰা টপ্ টপ্ কৰি পানী পৰিববলৈ ধৰিলে। খঙ্গত কপি কপি পুত্ৰ আস্বথামাৰ হাতত ধৰি লাহে