পৃষ্ঠা:হেমহাৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
হেমহাৰ

লাহে ৰাজসভাৰ পৰা ওলাই আহিল আৰু তাৰ উপযুক্ত প্ৰতিশোধ লবলৈ মনে মনে অঙ্গীকাৰ কৰিলে।

 কিন্তু তেওঁ বামুণ মানুহ, কেনেকৈ নিজে এইটো কৰিব। ভাবিলে উপযুক্ত শিষ্য তৈয়াৰ কৰি তাৰ হতুৱাই এই কাম কৰাব লাগিব। এই ভাবি তেওঁ হস্তিনাত থকা খুলখালিয়েক কৃপাচাৰ্য্যৰ ওচৰলৈ গল। কৃপাচাৰ্যই তেওঁক পাই বৰ সুখী হল। তেওঁৰ গুণৰ কথা তেওঁ ৰজাক জনালে। ৰজায়ো তেওঁৰ গুণত মুগ্ধ হৈ ৰাজকুমাৰ সকলক শিক্ষা দিবলৈ গুৰু পাতি দিলে।

 এইবাৰ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হল, তেওঁ শিষ্যবিলাকক মাতি কৰে, “মই তোমা- লোকক খুব ভালকৈ শিক্ষা দিম। মোৰ এটা দাৰুণ প্ৰতিজ্ঞা আছে তাক তোমালোকে পূৰ্ণ কৰিব পাৰিবানে?”

 গুৰুৰ দাৰুণ প্ৰতিজ্ঞাৰ কথা শুনি কোনোও প্ৰতিজ্ঞা কৰিবলৈ সাহ নকৰিলে।